নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মাহতে ৰাজ্যত ৪.৭৪ লাখ ভোটাৰ বৃদ্ধি

বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা ভোটাৰ তালিকা প্রকাশ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ভোটাৰৰ সংখ্যা৷ মাত্র ১০টা মাহৰ ব্যৱধানতে বাঢ়িল ৪,৭৪,৩০১জন ভোটাৰ৷ অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ত সোমবাৰে প্রকাশ কৰা বিশেষ সংক্ষিপ্ত সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকাত এই কথা স্পষ্ট হৈছে৷ ২০২২ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ প্রস্তুত কৰা বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মূল ভোটাৰৰ সংখ্যা হৈছে ২,৩৪,৬৬,৮০৬জন৷ ইয়াৰ বিপৰীতে চলিত বর্ষৰ ১৮ জানুৱাৰীত প্রকাশিত চূড়ান্ত ভোটাৰ তালিকাত ২,২৯,৯২,৫০৫জন নাগৰিকৰ নাম সন্নিৱিষ্ট হৈছিল৷ অর্থাৎ ১৮ জানুৱাৰীৰ পৰা সোমবাৰে দিনটোলৈ এই প্রায় ১০ মাহৰ ভিতৰতে অসমত ৪,৭৪,৩০১জন ভোটাৰ বৃদ্ধি পাইছে৷ বিশেষ সংক্ষিপ্ত সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত হোৱাসকলৰ ভিতৰত ১,১৮,২৫,৩৮১জন পুৰুষ হোৱাৰ বিপৰীতে ১,১৫,৭৭,০৬৫গৰাকী মহিলা৷ তদুপৰি ৩৮৭গৰাকী তৃতীয় লিংগৰ আৰু ৬৩,৯৬৪জন ছার্ভিচ ভোটাৰ আছে৷

মন কৰিবলগীয়া যে ৰাজ্যৰ প্রতিখন জিলাতে বৃদ্ধি পাইছে গণতান্ত্রিক অধিকাৰ সাব্যস্তৰ যোগ্যতা অর্জন কৰা নাগৰিকৰ সংখ্যা৷ ১০ মাহ পূর্বে পাঁচটা বিধানসভা সমষ্টিবিশিষ্ট কৰিমগঞ্জ জিলাত ৯,১০,৪৩০জন ভোটাৰ আছিল৷ কিন্তু জিলাখনৰ ৰাতাবাৰী, পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ আৰু বদৰপুৰ বিধানসভা সমষ্টিত এই সংখ্যা ৯,৩০,৮৭৭জনলৈ বৃদ্ধি পাইছে৷ সেইদৰে হাইলাকান্দি, কাটলিচেৰা আৰু আলগাপুৰ বিধানসভা সমষ্টিক লৈ গঠিত হাইলাকান্দি জিলাত ৪,৯৭,৪৬৩জন ভোটাৰ আছিল যদিও এতিয়া এই সংখ্যা হৈছেগৈ ৫,০৮,৩৪৯জন৷ বৰাক উপত্যকাৰ আন এখন জিলা কাছাৰতো ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে৷ যোৱা ১৮ জানুৱাৰীত প্রকাশিত চূড়ান্ত ভোটাৰ তালিকাত ১২,৫৭,৫১৯জন ভোটাৰ থকা জিলাখনৰ শিলচৰ, সোণাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখলা আৰু কাটিগড়া বিধানসভা সমষ্টিত বিশেষ সংক্ষিপ্ত সংশোধনী খচৰা ভোটাৰ তালিকাত অন্তর্ভুক্ত হৈছে ১২,৭৫,৫২৩জনৰ নাম৷ ডিমা হাছাও জিলাৰ একমাত্র বিধানসভা সমষ্টি হাফলঙত ১,৪৬,১৮৩জনৰ পৰা ১,৪৭,৯৯৫জনলৈ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে৷ কার্বি আংলং জিলাৰ তিনি বিধানসভা সমষ্টি বোকাজান, হাওৰাঘাট আৰু ডিফুত ৪,৭৮,৬৩৭জন ভোটাৰ আছিল৷ কিন্তু এতিয়া এই সংখ্যা হৈছেগৈ ৪,৮৯,৭২১জন৷ পশ্চিম কার্বি আংলং জিলাৰো একমাত্র বিধানসভা সমষ্টি বৈঠালাংছ’ত ভোটাৰৰ সংখ্যা ২,০৯,৭৫৩জনৰ পৰা ২,১১,৪৮৫জনলৈ বৃদ্ধি পাইছে৷ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ দুই বিধানসভা সমষ্টি মানকাচৰ আৰু দক্ষিণ শালমাৰাত ভোটাৰৰ সংখ্যা ৪,১২,০৫০জনৰ পৰা ৪,১৪,৬৮৭জনলৈ বৃদ্ধি হৈছে৷

ধুবুৰী জিলাৰ পাঁচ বিধানসভা সমষ্টি ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, পশ্চিম বিলাসীপাৰা আৰু পূব বিলাসীপাৰাত মুঠ ভোটাৰৰ সংখ্যা আছিল ৯,৯১,৬২১জন৷ পিছে এই সংখ্যা ১০ মাহৰ ব্যৱধানত বৃদ্ধি হৈছে ৯,৯৩,২০৩জনলৈ৷ বি টি আৰৰ অন্তর্ভুক্ত কোকৰাঝাৰ জিলাতো বাঢ়িছে ভোটাৰৰ সংখ্যা৷ জিলাখনৰ তিনি বিধানসভা সমষ্টি গোসাঁইগাঁও, পশ্চিম কোকৰাঝাৰ আৰু পূব কোকৰাঝাৰত ৫,৫৩,৬৬৯জনৰ পৰা ৫,৬৪,১৮৫জনলৈ ভোটাৰ বৃদ্ধি হৈছে৷ চিৰাং জিলাৰ দুই বিধানসভা সমষ্টি চিদলী আৰু বিজনীত ৩,৬৩,২৭৭জন ভোটাৰ আছিল৷ কিন্তু এই সংখ্যা এতিয়া বাঢ়িছে ৩,৭১,১১৭জনলৈ৷ বঙাইগাঁও জিলাৰ অন্তর্গত বঙাইগাঁও, উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিত ৫,৬০,৩৭০জনৰ পৰা ভোটাৰৰ সংখ্যা ৫,৬৯,১৫০জনলৈ বৃদ্ধি হৈছে৷ সেইদৰে গোৱালপাৰা জিলাৰ দুধনৈ, পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা আৰু জলেশ্বৰ বিধানসভা সমষ্টিত ১০ মাহৰ পূর্বে ৭,৬০,৩৪৮জন ভোটাৰ আছিল যদিও এতিয়া চাৰিওটা বিধানসভা সমষ্টিত এই সংখ্যা হৈছে ৭,৬৬,৫২০জন৷ বৰপেটা জিলাৰ সৰভোগ, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্রী, চেঙা, ভৱানীপুৰ আৰু পাটাছাৰকুছি বিধানসভা সমষ্টিৰ ক্ষেত্রতো অনুৰূপ দিশেই পৰিলক্ষিত হৈছে৷ এই বিধানসভা সমষ্টিকেইটাত ১৪,৩২,৭৪১জনৰ পৰা ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ১৪,৬০,৩৪২জনলৈ৷ কামৰূপ জিলাৰ ছয় বিধানসভা সমষ্টি ক্রমে বকো, ছয়গাঁও, পলাশবাৰী, হাজো, কমলপুৰ আৰু ৰঙিয়াত ভোটাৰৰ সংখ্যা ১১,২৭,২৬৩জনৰ পৰা ১১,৪৫,৯৯১জনলৈ বাঢ়িছে৷ কামৰূপ মহানগৰ জিলাত আছে চাৰিটাকৈ বিধানসভা সমষ্টি৷ এই বিধানসভা সমষ্টিকেইটা হ’ল– জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী৷ চাৰিওটা বিধানসভা সমষ্টিতেই ভোটাৰৰ সংখ্যা আছিল ১১,৩৭,৩৭৫জন৷

এতিয়া এই সংখ্যা বৃদ্ধি হৈছে ১১,৫৩,৩৩৯জনলৈ৷ নলবাৰী জিলাৰ নলবাৰী, বৰক্ষেত্রী আৰু ধর্মপুৰ বিধানসভা সমষ্টিত ৫,৩৮,৯৪৮জনৰ পৰা ভোটাৰৰ সংখ্যা ৫,৪৩,৩৮৭জনলৈ বৃদ্ধি হৈছে৷ বাক্সা জিলাৰ তামুলপুৰ, বৰমা আৰু চাপাগুৰি বিধানসভা সমষ্টিত ৫,৩৬,৯৯৫জন ভোটাৰ আছিল৷ পিছে এতিয়া তিনিওটা বিধানসভা সমষ্টিতে মুঠ ভোটাৰৰ সংখ্যা হৈছেগৈ ৫,৫১,৫৭৬জন৷ ওদালগুৰি জিলাৰ অন্তর্গত পানেৰী, ওদালগুৰি আৰু মাজবাট বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা ৪,৬৬,৯৬৯জনৰ পৰা ৪,৮০,৮৭৫জনলৈ বৃদ্ধি হৈছে৷ সেইদৰে দৰং জিলাৰ কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও বিধানসভা সমষ্টিত ১০ মাহ পূর্বে ৮,২৬,৪৮১জন ভোটাৰ আছিল যদিও এই সংখ্যা হৈছে ৮,৪৩,৩৬১জন৷ শোণিতপুৰ জিলাত আছে পাঁচটাকৈ বিধানসভা সমষ্টি৷ এই বিধানসভা সমষ্টিকেইটা হ’ল– ঢ়েকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু চতিয়া৷ জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা ৮,৯৩,৬১৮জনৰ পৰা ৯,৩৯,৯২৫জনলৈ বৃদ্ধি হৈছে৷ বিশ্বনাথ জিলাৰ তিনি বিধানসভা সমষ্টি ক্রমে বিশ্বনাথ, বিহালী আৰু গহপুৰত ভোটাৰৰ সংখ্যা বাঢ়িছে ৪,৮৬,৯৭৭জনৰ পৰা ৪,৯৮,৪১৪জনলৈ৷ মৰিগাঁও জিলাৰ অন্তর্গত জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটতো এই সময়ছোৱাত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে৷ পূর্বে ৬,১২,১২৫জন ভোটাৰ থকা তিনিওটা বিধানসভা সমষ্টিত এতিয়া মুঠ ভোটাৰৰ সংখ্যা হ’ল ৬,২১,৭৭২জন৷ নগাঁও জিলাৰ অন্তর্গত আঠটা বিধানসভা সমষ্টি হ’ল– ৰহা, ধিং, বটদ্রৱা, ৰূপহীহাট, নগাঁও, বঢ়মপুৰ, চামগুৰি আৰু কলিয়াবৰ৷ পূর্বে এই বিধানসভা সমষ্টিকেইটাত মুঠ ভোটাৰৰ সংখ্যা ১৪,৪৬,৪২৩জন আছিল যদিও ১৫,০২,৩৫৭জনলৈ বৃদ্ধি পাইছে৷ হোজাই জিলাৰ যমুনামুখ, হোজাই আৰু লামডিং বিধানসভা সমষ্টিত ৬,৯০,৩০৭জনৰ পৰা ভোটাৰ বাঢ়িছে ৬,৯১,৮১৩জনলৈ৷ গোলাঘাট জিলাৰ অন্তর্গত বিধানসভা সমষ্টিকেইটা হৈছে– বোকাখাত, সৰুপথাৰ, গোলাঘাট আৰু খুমটাই৷ এই বিধানসভা সমষ্টিকেইটাত ৭,৩৮,৩০৮জন ভোটাৰ আছিল যদিও আজি প্রকাশিত বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা ভোটাৰ তালিকা অনুসৰি এই সংখ্যা ৭,৬৪,৩৬৯জনলৈ বৃদ্ধি পাইছে৷ যোৰহাট জিলাৰ পাঁচ বিধানসভা সমষ্টি ক্রমে দেৰগাঁও, যোৰহাট, টীয়ক, তিতাবৰ আৰু মৰিয়নিতো বাঢ়িছে ভোটাৰৰ সংখ্যা৷ মুঠ ৭,৫৬,৮৫৬জন ভোটাৰ থকা বিধানসভা সমষ্টিকেইটাত ৭,৮০,৬১১জনপর্যন্ত ভোটাৰ বৃদ্ধি হৈছে৷

মাজুলী জিলাৰ একমাত্র বিধানসভা সমষ্টি মাজুলীত পূর্বে ১,৩০,৪৮৩জন ভোটাৰ আছিল৷ কিন্তু এতিয়া এই সংখ্যা হৈছেগৈ ১,৩৩,৪৯২জন৷ সেইদৰে শিৱসাগৰ জিলাৰ আমগুৰি, থাওৰা, শিৱসাগৰ আৰু নাজিৰাত ভোটাৰৰ সংখ্যা ৫,১৭,৪৭৬জনৰ পৰা ৫,২৯,৫৮৩জনলৈ বৃদ্ধি হৈছে৷ চৰাইদেউ জিলাৰ দুই বিধানসভা সমষ্টি মাহমৰা আৰু সোণাৰিতো বাঢ়িছে ভোটাৰৰ সংখ্যা৷ বিধানসভা সমষ্টি দুটাত ৩,১২,৬১৪জনৰ পৰা ৩,২২,০৫৭জনলৈ এই সংখ্যা বৃদ্ধি পাইছে৷ লখিমপুৰ জিলাত আছে চাৰিটাকৈ বিধানসভা সমষ্টি৷ জিলাখনৰ বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ আৰু ঢ়কুৱাখনা বিধানসভা সমষ্টিত ১০ মাহ পূর্বে ৭,৬৬,৭২৪জন ভোটাৰ আছিল৷ এতিয়া এই সংখ্যা ৭,৮৩,৪৭৭জনলৈ বৃদ্ধি পাইছে৷ মুঠ ৫,৫৬,৬০৭জন ভোটাৰ থকা ধেমাজি জিলাৰ দুই বিধানসভা সমষ্টি ধেমাজি আৰু জোনাইত ভোটাৰৰ সংখ্যা হৈছেগৈ ৫,৬০,৭৯০জন৷ ডিব্রুগড় জিলাৰ মৰাণ, ডিব্রুগড়, লাহোৱাল, দুলীয়াজান, টিংখাং, নাহৰকটীয়া আৰু চাবুৱা বিধানসভা সমষ্টিত ১০,৩৮,৬৮৪জনৰ পৰা ভোটাৰৰ সংখ্যা ১০,৬০,৯৯৮জনলৈ বাঢ়িছে৷ তিনিচুকীয়া জিলাত আছে পাঁচটাকৈ বিধানসভা সমষ্টি৷ এই বিধানসভা সমষ্টিকেইটা হ’ল– তিনিচুকীয়া, ডিগবৈ, ডুমডুমা, মার্ঘেৰিটা আৰু শদিয়া৷ জিলাখনত ভোটাৰৰ সংখ্যা উক্ত সময়ছোৱাৰ ভিতৰত ৮,৩৭,২১১জনলৈ বৃদ্ধি পাইছে৷

উল্লেখ্য যে বিশেষ সংক্ষিপ্ত সংশোধনী সংহত খচৰা ভোটাৰ তালিকা সন্দর্ভত  অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত ৰাজনৈতিক দলৰ প্রতিনিধিবর্গৰে এক বৈঠকত মিলিত হয়৷ ভোটাৰ তালিকাৰ ৰাজ্যিক ন’ডেল বিষয়া লক্ষীনন্দন চহৰীয়া উপস্থিত থকা এই বৈঠকখনত বিজেপি, কংগ্রেছ আৰু অগপকে ধৰি ৰাজনৈতিক দলসমূহৰ প্রতিনিধিবর্গই অংশগ্রহণ কৰে৷ বৈঠকত ৰাজনৈতিক দলৰ প্রতিনিধিসকলক বিশেষ সংক্ষিপ্ত সংশোধনী সময়সূচীৰ বিষয়ে অৱগত কৰা হয়৷ অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি আজি অর্থাৎ ১ নৱেম্বৰৰ পৰা অহা ৩০ নৱেম্বৰৰ ভিতৰত বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা ভোটাৰ তালিকা সন্দর্ভত দাবী আৰু আপত্তি দাখিলৰ সময়সীমা নির্ধাৰণ কৰি দিয়া হৈছে৷ ইয়াৰ বাবে নাগৰিকসকলে নামভর্তি কৰিবলৈ প্র–পত্র ৬, প্রবাসী ভোটাৰসকলে নামভর্তি কৰিবলৈ প্র–পত্র ৬(ক), নাম কর্তন কৰা বা আপত্তি দাখিল কৰিবলৈ প্র–পত্র ৭, যিকোনো বিৱৰণ সংশোধনৰ বাবে প্র–পত্র ৮ আৰু একেটা সমষ্টিৰ এটা ভোটকেন্দ্রৰ পৰা আন এটালৈ নাম স্থানান্তৰ কৰিবলৈ প্র–পত্র ৮(ক) পূৰণ কৰি দাখিল কৰিব লাগিব৷ লক্ষণীয়ভাৱে আজি ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ১২১টাৰ বাবে বিশেষ সংক্ষিপ্ত সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকা সংশ্লিষ্ট জিলা নির্বাচনী বিষয়াসকলে প্রকাশ কৰাৰ বিপৰীতে উপ–নির্বাচন অনুষ্ঠিত গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰাৰ ক্ষেত্রত সংহত খচৰা ভোটাৰ তালিকা অহা ৮ নৱেম্বৰত প্রকাশ কৰা হ’ব বুলি অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা কোৱা হৈছে৷ কিন্তু এই পাঁচ বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা সম্পর্কীয় তথ্য উপলব্ধ হৈছে অসমৰ মুখ্য নির্বাচনী বিষয়াৰ ৱেবছাইটত৷

You might also like