নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত মানী ফৰ লেণ্ড কেলেংকাৰি : মুখ্যমন্ত্ৰী-প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ অসমীয়া যুৱমঞ্চৰ

ষ্টাফ ৰিপৰ্টাৰ, ৯ মেঃ দৰঙৰ দলগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত চৰকাৰী ভূমি কৌশলেৰে আৱন্টনৰ নামত সংঘটিত বিয়াগোম মানি ফৰ লেণ্ড কেলেংকাৰীৰ তদন্ত বিচাৰি মঙলদৈত অনুষ্ঠিত হয় প্ৰতিবাদী কাৰ্যসূচী। ২ ঘন্টা অৱস্থান ধৰ্মঘটৰ অন্তত প্ৰতিবাদীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ সমগ্ৰ কেলেংকাৰীৰ তদন্ত দাবী কৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে দলগাঁও ৰাজহচক্ৰৰ একাংশ লোকৰ চৰকাৰী ভূমি জিলা প্ৰশাসনে অনুষ্ঠিত কৰা ভূমি পৰামৰ্শ সমিতিৰ বৈঠকত অনুমোদন কৰি দিয়াৰ বিনিময়ত কেবা কোটি টকাৰ লেনদেনৰ অভিযোগ পোহৰলৈ আহিছিল। খোদ ধন উপঢৌকন দিয়া সকলেই অভিযোগ কৰিছিল, ভূমি অনুমোদনৰ পূৰ্বে দলগাৱঁৰ বিধায়কৰ যোগেদি মঙলদৈৰ সাংসদক প্ৰদান কৰিছিল ধন। দলগাঁৱৰ বিজেপি নেতাও বিষয়টোত মধ্যভোগীৰ ভূমিকাত অৱৰ্তীন হোৱাৰ অভিযোগ কৰি কৈছিল, উপঢৌকন লোৱাত ইউডিএফ আৰু বিজেপি একাকাৰ হৈ পৰিছিল। এই সন্দৰ্ভত বিজেপি দলে আভ্যন্তৰীন সমিতি গঠন কৰি এক তদন্ত চলাইছিল যদিও মঙলদৈৰ সাংসদ গৰাকী ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে গধূৰ আৰু উচ্চ পৰ্যায়ৰ দায়িত্বত থকা বাবে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্হা লোৱাৰ সাহস দেখুৱাব নোৱাৰিলে। বিষষটোকলৈ সাধাৰণ ৰাইজৰ লগতে বিজেপিৰ মাজতো অসন্তুষ্টি গা কৰি উঠিছে। বিষয়টৰ লগত কেৱল বিজেপিৰ ২/৪ জন নেতাই নহয়, বিয়াগোম নেতা সহ দলীয় পদৱী দখল কৰি থকা একাংশৰ নামত ভূমি অৰ্জনৰ নাম সাঙোৰ খাইছে। অৰ্থাৎ দেশজুৰি স্বচ্ছ, নিকা ব্যৱস্থাৰ পোষকতা কৰা প্ৰধানমন্ত্ৰীৰ ইমেজত লোকসভা নিৰ্বাচনৰ পূৰ্বে কালিমা সানিছে দৰঙৰ একাংশ বিজেপি নেতাই। স্বাভাৱিকতে বিজেপিৰ মজিয়াত বিষয়টোৱে গুৰুত্ব নোপোৱাত আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৱে কটা ঘাঁত চেঙা তেল দিয়া পৰিলক্ষিত হয়। সংগঠনটোৱে অভিষোগ কৰা অনুসৰি, ৰাজনৈতিক দলৰ স্থানীয় নেতা আৰু দুই বিয়াগোম জনপ্ৰতিনিধিয়ে বিঘাই প্ৰতি ১.২০ লাখকৈ সৰ্বমুঠ ১০ কোটি টকা সংগ্ৰহ কৰিছে ভূমি আৱন্টনৰ নামত। দখলীকৃত চৰকাৰী মাটিৰ ভূমি পট্টন আৱন্টনৰ নামত সংঘটিত এই কেলেংকাৰীৰ আঁতধৰি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, দৰং জিলা সমিতিয়ে আজি জিলাৰ সদৰ মঙলদৈত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে  উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে দৰঙৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি, অখিলঞ্জীয়া লোকক ভূমি পট্টন দিয়াৰ প্ৰলোভনেৰে একাংশ শাসকীয় ৰাজনৈতিক ব্যক্তি আৰু জনপ্ৰতিনিধিয়ে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ বিষয়টো উচ্চপৰ্যায়ৰ তদন্ত কৰি দোষী বিষয়া আৰু ৰাজনৈতিক নেতাক শীঘ্ৰেই যথোচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।

প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা
You might also like