নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণগাঁৱত নিশা টকা বনোৱা মেচিন জব্দ

বিশেষ বাৰ্তা, ৮ আগষ্ট : মহানগৰীৰ ভগদত্তপুৰ আৰক্ষীয়ে দক্ষিণগাঁৱত যোৱানিশা অতৰ্কিতে চলোৱা অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। ভগদত্তপুৰ আৰক্ষীয়ে দক্ষিণগাঁৱৰ গৃহ নং ২০ৰ ভাৰাঘৰত অভিযান চলাই নকল নোট, নকল সোণ, টকা বনোৱা মেচিন জব্দ কৰে । অভিযানত ১ লাখ ৩ হাজাৰ টকাৰ ৫০০ টকীয়া নকল নোট, এখন সোণৰ নাও, নকল সোণৰ যীচু, চাৰিপাট খাৰুও জব্দ কৰে । আৰক্ষীয়ে ৰচিদুল হক আৰু ফৰুক আহমেদ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ ঘৰ লখিমপুৰৰ পতেহপুৰত। উল্লেখ্য যে চাৰি মাহ ধৰি ভাৰাতীয়া হিচাপে আছিল দুয়ো ।

You might also like