নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠেলামৰাত বান্দৰৰ উপদ্ৰৱ

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ বিগত এবছৰ ধৰি বৃহত্তৰ ঠেলামৰাৰ দাঁতিকাষৰীয়া গাঁও সমূহত বান্দৰৰ উপদ্ৰৱত ৰাইজে ত্ৰাহিমধুসোধন দেখিছে৷ বিশেষকৈ কাটনী গাঁও ঔবাৰী এৰাসূঁতি জংঘল গাঁৱত দিনে দিনে বান্দৰৰ উৎপাতত ৰাইজে জ্বলাকলা খোৱাইছে৷  মাত্ৰ এবছৰ মানৰ পৰা এই ঠাইলৈ পুৱতিনিশাৰ পৰাই বান্দৰৰ জাকে আহি এক সন্ত্ৰাসৰ সৃষ্টি কৰে৷ সৰু পোৱালীৰ পৰা আৰম্ভ কৰি প্ৰাপ্ত বয়স্ক বান্দৰ প্ৰতিটো দলত ৩০-৫০ টা পৰ্যন্ত খাদ্যৰ সন্ধানত ওলাই আহে৷ বাহিৰত থকা বাৰীৰ ফল মূলৰ কথা নকলোৱেই বাৰীৰ শাক পাচলী তহিলং কৰি আঁতৰি যায়৷ কেতিয়াবা খিৰিকী বা দুৱাৰদি মানুহৰ ঘৰৰ ভিতৰত সোমাই পাকঘৰৰ থকা ভাতকে ধৰি খাদ্য বস্তু খোৱাৰ লগতে সকলো বস্তু বাহিনী তহিলং কৰে৷ ঘৰ সমূহত মহিলা থাকিলে বান্দৰক খেদিবলৈ চেষ্টা কৰিলে ওলোটাই আক্ৰমণৰ বাবে উদ্যত হয়৷ সৰু ল’ৰা ছোৱালী বা খালী হাতেৰে বান্দৰৰ সমুখীন হ’লে খেদি আহিবলৈকো ভয় নকৰে৷ জানিব পৰা মতে বহু লোকৰ ঘৰৰ কাঠৰ চিলিঙত বান্দৰ সমূহ থাকিবলৈ লোৱাৰ বাবে অনবৰতে এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বান্দৰ আহি ফল মূল খোৱাটো ডাঙৰ কথা নহয় কিন্তু সকলো ভাঙি চিঙি অনিষ্ট কৰাৰ লগতে গিৰিহতলৈ চোচা মাৰি অহাটোহে আজিৰ তাৰিখত বিপদজনক হৈ পৰিছে৷ কি উপায়েৰে বা কেনেকৈ বান্দৰৰ সন্ত্ৰাসৰ পৰা গঞা ৰাইজ উদ্ধাৰ হ’ব সেইয়া আজিৰ তাৰিখত চিন্তনীয় বিষয় হৈ পৰিছে৷
প্ৰেৰক দুলাল নাথ
You might also like