নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ ম’ৰেল পুলিচিঙৰ ঘটনা

বিশেষ বাৰ্তা, ৭ আগষ্ট : ৰাজ্যত পুনৰ ম’ৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে। এদল উদণ্ড লোকে দৌৰাই দৌৰাই লাঠীৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে এজন যুৱকক। দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে গৰৈমাৰীৰ বৰভিঠাত ব্ৰহ্মপুত্ৰ নদীত নাওখেল প্ৰতিযোগিতাত পানী বিক্ৰী কৰিবলৈ গৈছিল মাজৰটোপ গাঁৱৰ আক্ৰাম হুছেইন নামৰ যুৱকজনে ৷ যুৱকজনক হত্যা কৰাৰ উদ্দেশ্যে পূৰ্বপৰিকল্পিতভাৱে একাংশ উদণ্ড যুৱকে আইন হাতত তুলি লৈ নিৰ্মমভাৱে লাঠীৰে কোবাই গুৰুতৰভাৱে আহত কৰাৰ লগতে ত্ৰিশ হাজাৰ টকা লুটি নিয়ে ৷ পূৰ্বৰ শত্ৰুতাৰ বহিৰ্প্ৰকাশ ঘটাই উদণ্ড যুৱকৰ দলে ম’ৰেল পুলিচিঙৰ ঘটনা সংঘটিত কৰে । অৱশ্যে একাংশ সচেতন লোকৰ তৎপৰতাত কোনোমতে প্ৰাণৰক্ষা পৰে মাজৰটোপ গাঁৱৰ ওমৰ আলীৰ পুত্ৰ আক্ৰাম হুছেইন নামৰ যুৱকজনৰ। সম্প্ৰতি যুৱকজন চিকিৎসাধীন হৈ আছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে গৰৈমাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে। গৰৈমাৰী আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু মৰেল পুলিচৰূপী উদণ্ড যুৱককেইজনক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান ৷

You might also like