নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ম’ৰেল পুলিচিং : চোৰৰ সন্দেহত বৃদ্ধক প্ৰহাৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ৰাজ্যত পুনৰ ম’ৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে। এইবাৰ ঢকুৱাখনাত ম’ৰেল পুলিচৰ তাণ্ডৱ। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত জিয়ামৰীয়াত সংঘটিত হৈছে ম’ৰেল পুলিচিঙৰ ঘটনা। এগৰাকী বৃদ্ধক চোৰৰ সন্দেহত ৰাজপথৰ ওপৰত বান্ধি বৰ্বৰ আক্ৰমণ এচাম উদণ্ড ব্যক্তিৰ। সোমবাৰে নিশা প্ৰায় ৮.৩০ বজাত একে গাঁৱৰে বৰ্ষীয়ান ব্যক্তি বগা কোচে গাঁৱৰে নামঘৰত ভাওনাৰ আখৰা চাই স্বগৃহ অভিমুখী হয়।সেই সময়তে গাঁওখনৰ টংকেশ্বৰ কোচৰ পুত্ৰ গোপাল কোচ আৰু মুদৈ কোচৰ পুত্ৰ ধৈৰ্য কোচে বৃদ্ধ ব্যক্তিজনক বলপূৰ্বক আগ ভেটি ধৰি চোৰৰ সন্দেহত উপৰ্যুপৰি প্ৰহাৰ কৰে। উদণ্ড আৰু উন্নাসিক ব্যক্তিসকলে চোকা অস্ত্ৰৰে বৃদ্ধগৰাকীক আঘাত কৰি, হাত-ভৰি বান্ধি নিৰ্মম শাৰীৰিক অত্যাচাৰ চলাই গুৰুতৰ ভাবে জখম কৰি পেলাই থৈ যায় ৰাজপথত।পৰৱৰ্তী সময়ত মুমূৰ্ষু অৱস্থাত ৰাজপথৰ ওপৰত পৰি থকা লোকজনক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত জৰুৰী চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। সম্প্ৰতি জীৱন মৃত্যুৰে যুঁজি থকা নিৰীহ নিৰপৰাধী বৃদ্ধজনৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ সন্দৰ্ভত আত্মীয়ই সদৰ থানাত গোচৰ ৰুজু কৰিছে। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত ১০৮/২০২৩ নম্বৰৰ গোচৰৰ ভিত্তিত ঢকুৱাখনা আৰক্ষীয়ে নিশাই অভিযান চলাই ঘটনাৰ সতে জড়িত জিয়ামৰীয়া গাঁৱৰ তিনিজন যুৱক ক্ৰমে মৃদুল কোঁচ,গোপাল কোঁচ আৰু সতীশ কোচক আটক কৰিবলৈ সক্ষম হৈছে।ঢকুৱাখনাত সংঘটিত ম’ৰেল পুলিচিঙৰ এই বৰ্বৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like