নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ কাটিগৰাত মৰেল পুলিচিঙৰ ঘটনা, চোৰৰ সন্দেহত যুৱকক উত্তম-মধ্যম

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : কাছাৰৰ কাটিগৰাত মৰেল পুলিচিঙৰ ঘটনা l বাইক চোৰৰ সন্দেহত ৰাজহুৱা স্থানত যুৱক এজনৰ চুলি কাটি পেলোৱা হয়। বাইক চুৰিৰ সন্দেহত যুৱকজনক ৰাজহুৱাভাৱে প্ৰহাৰ কৰি চুলি কাটে একাংশই। কাছাৰৰ কাটিগৰা মোহনপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, আবজাল হুছেইন নামৰ অভিযুক্তজনে পালছাৰ বাইক লৈ যোৱাৰ সময়তে স্থানীয় লোকে  চোৰ বুলি সন্দেহ কৰি আটক কৰে আৰু মাৰপিট কৰি চুলি কাটি দিয়ে। স্থানীয় ৰাইজৰ মতে, দেওবাৰে বদৰপুৰৰ পৰা এখন পালছাৰ বাইক চুৰি হৈছিল আৰু সোমবাৰে যেতিয়া আবজাল হুছেইনে এই চুৰি বাইকখন লৈ মেঘালয় অভিমুখে গৈ আছিল, তেতিয়া বাইকখনৰ মালিকে বাইকখন চিনি পাই খেদি খেদি আটক কৰে। তাৰ পিছতে উত্তম-মধ্যম দিয়ে তেওঁক। ইফালে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি থানালৈ লৈ যায়। বৰ্তমান কাটিগড়া আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

 

প্ৰেৰক গৌতম তালুকদাৰ

You might also like