নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ১৫ লাখতকৈও অধিক কৃষক উপকৃত

🔹 পিএম কিষাণ উৎসৱ ধন মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

🔹 প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা কৃষিমন্ত্ৰী অতুল বৰাৰ

বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : ৰাজ্যৰ কৃষক পৰিয়াললৈ আনন্দৰ বতৰা বহন কৰি আনিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পি এম কিষাণ নামৰ আঁচনিখনে। আজি বিয়লি মহাৰাষ্ট্ৰৰ য়াৱাত্মলৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কৃষকলৈ ইলেকট্ৰনিক পদ্ধতিৰে পি এম কিষাণ আঁচনিৰ ১৬ সংখ্যক কিস্তিৰ ধন মুকলি কৰি দিয়াৰ লগে লগে অসমৰ ১৫ লাখ ২৮ হাজাৰ ৫২৫গৰাকী কৃষকে এই আঁচনিখনৰ অধীনত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ বেংক একাউণ্টত মুঠ ৫২৩.১৮ কোটি টকা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ২০২৩ বৰ্ষৰ ১৫ নৱেম্বৰত পি এম কিষাণৰ ১৫সংখ্যক কিস্তিৰ অধীনত ৰাজ্যখনৰ ১২ লাখ ১৫ হাজাৰ ৭৮০জন কৃষকে ধন লাভ কৰাৰ বিপৰীতে ১৬সংখ্যক কিস্তিত এই আঁচনিখনৰ জৰিয়তে উপকৃত হোৱা কৃষকৰ সংখ্যা ২৬ শতাংশ বৃদ্ধি পাইছে। ২০২২-২৩ বৰ্ষত এই আঁচনিখনৰ অধীনত ৰাজ্যখনৰ ১০ লাখ ৪৩ হাজাৰ ৬৮৪জন হিতাধিকাৰীয়ে ৫৬৩ কোটি ৮১ লাখ টকা লাভ কৰিছিল। ৰাজ্যখনত পি এম কিষাণ আঁচনিৰ ১৩সংখ্যক কিস্তিয়ে সামৰি লোৱা হিতাধিকাৰীৰ তুলনাত ১৬সংখ্যক কিস্তিত হিতাধিকাৰীৰ সংখ্যা ১৪৮ শতাংশ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে কৃষকক আৰ্থিক সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে ২০১৮ চনৰ ডিচেম্বৰ মাহৰ পৰা সমগ্ৰ দেশত ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰা কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনৰ অধীনত মাটিৰ গৰাকী একোটা কৃষক পৰিয়ালক বছৰি তিনিটা কিস্তিত ২ হাজাৰ টকাকৈ মুঠ ৬ হাজাৰ টকা তেওঁলোকৰ বেংক একাউণ্টত জমা দি অহা হৈছে। কৃষকক আৰ্থিকভাৱে সবল কৰি তোলাৰ বাবে গ্ৰহণ কৰা এই অভিলাষী আঁচনিখনৰ বাবে কৃষিমন্ত্ৰী অতুল বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনোৱাৰ লগতে অসমত মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত পি এম কিষাণ আঁচনিয়ে লাভ কৰা এই উল্লেখযোগ্য অগ্ৰগতিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে। কৃষিমন্ত্ৰী বৰাই এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত জিলা প্ৰশাসন, কৃষি বিষয়া, বিত্তীয় প্ৰতিষ্ঠান, ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক আৰু সমূহীয়া তথ্য কেন্দ্ৰসমূহকো এই সফলতাৰ বাবে অভিনন্দন জনাইছে।

You might also like