ৰাজ্যত অদ্যাপি বন্ধ ১২খনকৈ যাত্ৰীবাহী ৰেলৰ সেৱা
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ৰাজ্যখনত এতিয়ালৈকে বন্ধ হৈ আছে ১২খনকৈ যাত্ৰীবাহী ৰেলৰ সেৱা। ২০২০ চনৰ ২৪ মাৰ্চত দেশৰ ক’ভিডকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেল সেৱা বন্ধ ৰখাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। বৰ্তমান সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ ক’ভিডকালীন পৰিস্থিতিৰ বহুলাংশে উপশম ঘটিছে। তৎসত্ত্বেও উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমত অদ্যাপি ৰেল সেৱা স্বাভাৱিক হৈ নুঠিল। ইতিমধ্যে ৰাজ্যখনত ১২০৮৬ নম্বৰৰ ডিব্ৰুগড়- শতাব্দী এক্সপ্ৰেছ, ১৫৯৪২ নম্বৰৰ ঝাঝা এক্সপ্ৰেছ, ১২৫২৫ নম্বৰৰ কোলকাতা চুপাৰফাষ্ট, ১৫৭৭১ নম্বৰ কামাখ্যা ইণ্টাৰচিটী, ১৫৭১৭ নম্বৰ মৰিয়নী ইণ্টাৰচিটী, ১৫৯১১ নম্বৰ নাহৰলগুন ইণ্টাৰচিটী, ১৫৬০৫ নম্বৰ ফৰকাটিং ইণ্টাৰচিটী, ৫৫৯০৩ নম্বৰ মৰিয়নী পেচেঞ্জাৰ, ৭৫৯১১ নম্বৰ ডাঙৰী পেচেঞ্জাৰ, ৫৫৬৬৫ নম্বৰ শিলচৰ পেচেঞ্জাৰ, ৫৫৬০৫ নম্বৰ মুৰ্কংচেলেক পেচেঞ্জাৰ আৰু ৫৫৮১৮ নম্বৰৰ নিউ বঙাইগাঁও পেচেঞ্জাৰ ৰেলসেৱাৰে সৈতে মুঠ ১২খনকৈ ৰেলসেৱাৰ চলাচল কোনো অজ্ঞাত ৰহস্যজনক কাৰণত এতিয়ালৈকে বন্ধ হৈ আছে।ইতিমধ্যে ৰাজ্যখনৰ মাজেৰে চলাচল কৰা এই যাত্ৰীবাহী ৰেলসমূহৰ অতি সোনকালেই চলাচল কৰোৱাৰ দাবীত অসম ৰেল যাত্ৰী সংস্থাৰ লগতে বিভিন্ন দল-সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। তৎসত্ত্বেও অব্যাহত আছে অচলাৱস্থা।বিশেষকৈ ৰাজ্যখনৰ জনসাধাৰণৰ মাজত ‘নিউ বঙাইগাঁও পেচেঞ্জাৰ’ হিচাপে পৰিচিত ৫৫৮১৮ নম্বৰ গুৱাহাটী- ৰঙিয়া-নিউ বঙাইগাঁও ৰেলসেৱা,’কামাখ্যা ইণ্টাৰচিটী’ হিচাপে পৰিচিত ১৫৭৭১ নম্বৰ আলিপুৰদুৱাৰ-ৰঙিয়া ৰেলসেৱা,’কোলকাতা চুপাৰফাষ্ট’ হিচাপে পৰিচিত ১২৫২৫ নম্বৰৰ ডিব্ৰুগড়- লক্ষীমপুৰ চুপাৰফাষ্ট ৰেলসেৱা,’ডিব্ৰুগড় শতাব্দী’ হিচাপে পৰিচিত ১২০৮৬ নম্বৰ ডিব্ৰুগড়- লামডিং-গুৱাহাটী ৰেলসেৱা আৰু ৭৫৯১১ নম্বৰৰ ডাঙৰী পেচেঞ্জাৰ হিচাপে পৰিচিত ডিব্ৰুগড়-মাকুম আৰু ডাঙৰীৰ মাজত চলাচল কৰা মুঠ ৫ খনকৈ ৰেলসেৱা অগ্ৰাধিকাৰ ভিত্তিত অতিশীঘ্ৰে চলোৱাৰ ব্যৱস্থা কৰোৱাৰ দাবীত ৰাজ্যখনৰ বিভিন্ন পক্ষই বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে দাবী উত্থাপন কৰি আহিছে।কিন্তু ভুক্তভোগীসকলৰ এই দাবী কাৰ্যতঃ অৰণ্য ৰোদনত পৰিণত হোৱা লক্ষ্য কৰা গৈছে।আনহাতে এনেধৰণৰ স্থিতাৱস্থাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে অসম ৰেলযাত্ৰী সংস্থা।অসম ৰেলযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই চলিত বিধানসভাৰ অধিবেশনতে দিল্লীলৈ এক সৰ্বদলীয় প্ৰতিনিধ দল প্ৰেৰণৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে।’ৰাইজৰ হকে, ৰাইজৰ দ্বাৰা’ নিৰ্বাচিত জনপ্ৰতিনিধিসকলক ৰাজ্যখনৰ দুখীয়া জনসাধাৰণৰ দুখ- যন্ত্ৰণাৰ অকণমান সমভাগী হবলৈও তেওঁ আহ্বান জনাইছে।সাধাৰণ সম্পাদক গৰাকীয়ে ৰাজ্যৰ ১৯ খনকৈ পুৰণি ৰেল গেটত ৰাইজৰ আহ-যাহৰ সুবিধা হোৱাকৈ আৰু সময়ৰ অপব্যয় ৰোধৰ বাবে ১৯ খনকৈ ৰেলৱে উৰণীয়া সেঁতু নিৰ্মাণৰ ৰাজ্য চৰকাৰৰ প্ৰস্তাবৰো প্ৰশংসা কৰিছে।
প্ৰেৰক ভূষণ তালুকদাৰ