নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাইলুৰি পঞ্চায়তৰ পৰা পাঁচ শতাধিক ভোটাৰৰ নাম কৰ্তন

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী : চামগুৰি সমষ্টিৰ লাইলুৰি পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ পৰা পাঁচ শতাধিক ভোটাৰৰ নাম কৰ্তন হোৱাত ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নতুনকৈ পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে ৷ এই খচৰা ভোটাৰ তালিকাত লাইলুৰি পঞ্চায়ত ৯ নম্বৰ ৱাৰ্ডৰ ৮০৮জন ভোটাৰ আছিল ৷ তাৰ পৰা ৫০০ ভোটাৰৰ নাম খচৰা ভোটাৰ তালিকাত নাই ৷ যাৰ বাবে চিন্তিত হৈ পৰিছে ভোটাৰ ৰাইজ ৷ স্থানীয় বিএলঅ’ ৰ চৰম গাফিলতিৰ বাবে ভোটাধিকাৰৰ পৰা বঞ্চিত হব ৰাইজ ৷ আজি শতাধিক লোকে পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ বিএলঅ’ৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ পঞ্চায়তৰ খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like