মৰিগাঁৱত হাতে লোটে ধৰা পৰিল কোষাগাৰৰ কর্মচাৰী
নিয়মীয়া বাৰ্তা ১৭ জুনঃ মৰিগাঁও জিলা কোষাগাৰত আজি মুখ্যমন্ত্রী দুর্নীতি নিবাৰক বিশেষ শাখাই এক অভিযান চলাই কোষাগাৰৰ বিতর্কিত সহকাৰী গাণনিক সহায়ক জয়ৰাম দাসক উৎকোচ লোৱা অৱস্থাত হাতে–লোতে আটক কৰে৷ ঘটনাৰ বিৱৰণী মতে, ভূৰবন্ধা শিক্ষা খণ্ডৰ অন্তর্গত ভূৰবন্ধা মজলীয়া বিদ্যালয়ৰ লক্ষীত চন্দ্র ডেকা নামৰ অৱসৰপ্রাপ্ত শিক্ষকজনৰ জি পি এফৰ বিল মুকলি নোহোৱাত কালি জিলা কোষাগাৰ কার্যালয়ত সহকাৰী গাণনিক সহায়কৰ কাষ চাপে৷ কিন্তু অৱসৰপ্রাপ্ত শিক্ষকজনৰ জি পি এফৰ ধন মোকলাই দিয়াৰ নামত জয়ৰাম দাসে ১,৫০০ টকা উৎকোচ হিচাপে বিচৰাত অৱসৰপ্রাপ্ত শিক্ষকজনে সেই টকা দিব পৰা অৱস্থাত নাই বুলি সহকাৰী গাণনিক সহায়কজনক অৱগত কৰে৷ কোষাগাৰৰ সহকাৰী গাণনিক সহায়ক জয়ৰাম দাসে ১,৫০০ টকাৰ পৰিৱর্তে ১,০০০ টকা লাগিবই বুলি কোৱাত অৱসৰপ্রাপ্ত শিক্ষকজনে ঘৰলৈ গৈ উক্ত ধন দিম বুলি বন্দৱস্ত কৰি কোষাগাৰৰ পৰা মৰিগাঁও আৰক্ষী অধীক্ষকৰ কার্যালয়লৈ ৰাওনা হয়৷
মৰিগাঁও আৰক্ষী অধীক্ষক অপর্ণা নটৰাজনক ভুক্তভোগী অৱসৰপ্রাপ্ত শিক্ষক লক্ষীত চন্দ্র ডেকাই সমগ্র ঘটনা সন্দর্ভত লিখিতভাৱে কালি এক অভিযোগ দিয়ে৷ আৰক্ষীয়ে তাৎক্ষণিকভাৱে এটা গোচৰ ৰুজু কৰি কালি মৰিগাঁও আৰক্ষী অধীক্ষকে উক্ত অভিযোগ সন্দর্ভত উপ–আৰক্ষী অধীক্ষকক মৌচুমী দাসক মুখ্যমন্ত্রীৰ দুর্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰিবলৈ নির্দেশ দিয়ে৷ মৰিগাঁও আৰক্ষীৰ সহযোগত দুর্নীতি নিবাৰক শাখাৰ পৰিকল্পনা মতে আজি পুৱা ৮ বজাৰ পৰা মৰিগাঁও কোষাগাৰ কার্যালয়ত খাপ পিটি থকা দলটোৱে উৎকোচ লওঁতেই হাতে–লোটে কৰায়ত্ত কৰে দুর্নীতিগ্রস্ত সহকাৰী গাণনিক সহায়ক জয়ৰাম দাসক৷ ভুক্তভোগীৰ অভিযোগ মতে, ভূৰবন্ধা বি ই ই অ’ কার্যালয়ৰ চতুর্থ শ্রেণীৰ কর্মচাৰী হোমেশ্বৰ হীৰাই কোষাগাৰৰ এইজন দুর্নীতিগ্রস্ত সহকাৰী গাণনিক সহায়কক উৎকোচ দি বিল মুকলি কৰিবলৈ দেখাই দিছিল৷
সেই অভিযোগৰ ভিত্তিত আজি হোমেশ্বৰ হীৰাকো বাতৰি লিখা সময়লৈকে সোধা–পোছা অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীৰ সহযোগত দুর্নীতি নিবাৰক শাখাই৷ অভিযোগ মতে, মৰিগাঁও শিক্ষা বিভাগ তথা কোষাগাৰত দীর্ঘদিনৰ পৰা চলি আহিছে ধনৰ লেনদেন কার্য৷ উৎকোচ নিদিলে ফাইল ইফাল–সিফালেই নহয়৷ ভূৰবন্ধা শিক্ষা খণ্ড কার্যালয়ত টকা নিদিয়া বাবে অৱসৰপ্রাপ্ত শিক্ষকজনৰ ফাইলটো পৰি আছিল৷ বি ই ই অ’ ইনুচ আলীয়ে মাতি নিছিল অৱসৰপ্রাপ্ত শিক্ষক লক্ষীত চন্দ্র দাসক, কিন্তু পইচা দিয়া নাছিল বি ই ই অ’জনক৷ পাছত ভূৰবন্ধা শিক্ষা খণ্ড কার্যালয়ৰ এই চতুর্থ শ্রেণীৰ কর্মচাৰীজনে মৰিগাঁও জিলা কোষাগাৰৰ সহকাৰী গাণনিক সহায়ক জয়ৰাম দাসক লগ কৰাই ফাইল পাছ কৰাৰ নামত ধন দাবী কৰিছিল বুলি অৱসৰপ্রাপ্ত শিক্ষকজনে অভিযোগ উত্থাপন কৰে৷ আনহাতে, মৰিগাঁও আৰক্ষী আৰু দুর্নীতি নিবাৰক শাখাই আটকাধীন জয়ৰাম দাসৰ ভাৰা থকা বাসগৃহত অভিযান চলায়৷