নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ৰ বিৰোধিতাৰে মৰিগাঁও জিলা আছুৰ অনশন

বাৰ্তা বুৰো,  ১০ মাৰ্চ : আজি সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে মৰিগাঁও জিলা আছুৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন জাপি দিব বিচৰা সিদ্ধান্তৰ প্ৰতিবাদত মৰিগাঁও জিলা গান্ধী ভৱন প্ৰাংগণত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মৰিগাঁও জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যােতি চৌধুৰীৰ নেতৃত্বত শতাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা অনশন কাৰ্যসূচীস্থলীৰ পৰা ছাত্ৰ কৰ্মীসকলে অসাংবিধানিক, সাম্প্ৰদায়িক ‘কা’ কোনো কাৰণতে যে মানি লোৱা নহয়, বিজেপি নেতৃত্বাধীন চৰকাৰখনলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়- অসাংবিধানিক, অগণতান্ত্ৰিক, সাম্প্ৰদায়িক এই আইনখন কোনো কাৰণতে মানি লোৱা নহ’ব৷ অস্তিত্বৰ সংকটত থকা অসমীয়া জাতিটো চিৰদিনলৈ নিঃশেষ কৰিবলৈ বিচৰা এই আইনখন অসমৰ ৰাইজে যে মানি নলয়, সেই কথা সোনকালেই বিজেপি চৰকাৰখনে বুজি লোৱা উচিত। আনহাতে, সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে কয়- কেৱল নিৰ্বাচনত ভোট পাবৰ বাবেই কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ ন্যায় ব্যৱস্থাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি চলিত মাৰ্চ মাহতেই নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলৱৎ কৰাৰ ষড়যন্ত্ৰ কৰিছে । ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে উচ্চতম নায়্যালয়ে বাৰম্বাৰ গোচৰটো সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া সত্ত্বেও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি আহিছে। সম্প্ৰতি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে সংবিধান আৰু দেশৰ ন্যায় ব্যৱস্থাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি ‘কা’ বলৱৎ কৰিব বিচাৰিছে, এই কথা কোনো কাৰণতে মানি লোৱা নহ’ব।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like