নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইবাৰ অপৰাধৰ অঘোষিত ৰাজধানীত পৰিণত মৰিগাঁও

বাৰ্তা বুৰো, ৯ নৱেম্বৰঃ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ মৈৰাবাৰীত অভিযান চলাই কুখ্যাত চাইবাৰ অপৰাধী ২ তাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । মুম্বাই আৰক্ষীৰ এটা দলে। মৰিগাঁও আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত মৰিগাঁও আৰক্ষী আৰু মুম্বাইৰ আৰক্ষীৰ যুটীয়া অভিযানত মৈৰাবাৰীৰ তাঁতিকটা পথাৰৰ এহিয়া আহমেদ আৰু ভেলৌগুৰি আৰক্ষী চকীৰ অন্তৰ্গত লেৰুৱামুখৰ পৰা আনজাৰুল হক নামৰ দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে উক্ত ধৃত দুই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মুম্বাই চাইবাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪১৯/৪২০/৪৬৭/৪৭১ ৰিড উইথ ৬৬(চি)/৬৬ (দি) আই টি এক্টৰ অধীনত ৯৫/২৩ নং গোচৰ ৰুজু হৈ আছে। উক্ত গোচৰত দুই কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰি মৰিগাঁও আৰক্ষীৰ সহযোগত মুম্বাইৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। উক্ত ঘটনাৰ পৰা চাইবাৰ অপৰাধীৰ নেটৱৰ্ক মৰিগাঁও জিলাৰ মৈৰাবাৰী, লাহৰীঘাটৰ পৰা মুম্বাই, ৰাজস্থান, গুজৰাট আদি দেশৰ বিভিন্ন স্থানলৈ বিস্তাৰিত হৈ থকা জল জল পট পটকৈ পোহৰলৈ আহিছে। উল্লেখযোগ্য যে চাইবাৰ অপৰাধৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰি অহা মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু মৰিগাঁও আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সমীৰণ বৈশ্যৰ নেতৃত্বত মৰিগাঁও আৰক্ষীয়ে ধাৰাবাহিকভাৱে চাইবাৰ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই আহিছে আৰু বৰ্তমানলৈকে ১০৭ টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও শেহতীয়াকৈ চাইবাৰ অপৰাধীয়ে ন ন কৌশল গ্ৰহণ কৰা বুলি জানিবলৈ পোৱা গৈছে। আনহাতে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা লগতে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মৰিগাঁও আৰক্ষীয়ে ।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like