নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকত কৃষ্টিনা-ৰক্তিমাৰ ফলাফলে জিলিকালে মৰিগাঁৱক

নিয়মীয়া বাৰ্তা, ৬ জুন : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক’লা শাখাৰ ফলাফলত আজি মৰিগাঁৱলৈ দুই মেধাৱী ছাত্ৰী ক্ৰমে কৃষ্টিনা দেৱী আৰু ৰক্তিমা পাতৰে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। মৰিগাঁৱৰ নটুৱাগাঁৱৰ কুবিন নাথ আৰু প্ৰণিতা দেৱীৰ কন্যা কৃষ্টিনা দেৱীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ক’লা শাখাত অৱতীৰ্ণ হৈ ইংৰাজী ৯১,অল্টাৰ্নেটিভ ইংৰাজীত ৯১,শিক্ষা বিষয়ত ৯৮, ভূগোল বিষয়ত ৯৮, ৰাজনৈতিক বিজ্ঞানত ৯৮ আৰু চচিয়েলজি বিষয়ত ৯৩ নম্বৰ লাভ কৰি সৰ্বমুঠ ৪৭৬ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হয়। ইফালে, মৰিগাঁও জিলাৰ মানিপুৰৰ খগেন চন্দ্ৰ পাতৰ আৰু অপৰাজিতা পাতৰৰ কন্যা ৰক্তিমা পাতৰে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ক’লা শাখাত ইংৰাজীত ৯২, অসমীয়াত ৯৬, ভূগোলত ৯৯, বুৰঞ্জীত ৯৩, ৰাজনীতি বিজ্ঞানত ৯৬ আৰু চচিয়েলজিত ৮১ নম্বৰ লাভ কৰি সৰ্বমুঠ ৪৭৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।দশম স্থান প্ৰাপ্ত কৃষ্টিনা দেৱীয়ে নগাঁও কনচেপ্ট চিনিয়ৰ চেকেণ্ডেৰী স্কুলত অধ্যয়ন কৰাৰ লগতে দশম স্থান প্ৰাপ্ত ৰক্তিমা পাতৰেও নগাঁও ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলত অধ্যয়ন কৰিছিল।আজি ঘোষিত হোৱাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মৰিগাঁৱৰ দুগৰাকী মেধাৱী ছাত্ৰীয়ে অসমৰ ভিতৰত দশম স্থান লাভ কৰাত অঞ্চল দুটাৰ লগতে সমগ্ৰ জিলাখনতেই আনন্দৰ জোৱাৰ উঠিছে। ইপিনে, দুয়োগৰাকী দশম স্থান প্ৰাপ্ত ছাত্ৰীক জিলা খনৰ বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানে আজি উষ্ম আদৰণি জনায়।
প্ৰেৰক প্ৰতাপ হাজৰিকা 
You might also like