নিয়মীয়া বাৰ্তা, ২২ জুন : মৰিগাঁৱৰ ভূৰাগাঁৱৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰী মহন্তই ভূৰাগাঁৱৰ কুপতিমাৰী আৰু বালিডোংগাত যোৱা কিছুদিন ধৰি অব্যাহত থকা লুইতৰ গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী মহন্তই জিলা জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে কৰি থকা খহনীয়া প্ৰতিৰোধী কামৰ বুজ লয়। যিকোনো প্ৰকাৰে গৰাখহনীয়া ৰোধৰ লগতে মথাউৰি ৰক্ষা কৰিবলৈ জিলা জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। আনহাতে এ ডি বি ধনৰে জিলা গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰা হব বুলি জানিব দিয়ে। মন্ত্ৰীগৰাকীয়ে নৈপৰীয়া লোকসকলৰ লগত মত বিনিময় কৰে। খহনীয়া অঞ্চল পৰিদৰ্শনৰ সময়ত সংগ দিয়ে অগপৰ জিলা সমিতিৰ সভাপতি শান্তনু শৰ্মা, লাহৰীঘাট সমষ্টি সমিতিৰ সভাপতি ৰাজেন বৰা আৰু তুলসীবড়ী গাওঁ পঞ্চায়তৰ সভাপতি গুলজাৰ হুছেইনে।মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা, আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়া। উল্লেখ্য যে যোৱা কেইদিন ধৰি কুপতিমাৰী আৰু বালিডোংগাত খহনীয়াই অধিক বিধ্বংসী ৰূপ ধাৰণ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধী কাম কৰাত খহনীয়া হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।উল্লেখ্য যে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত জিলা জলসম্পদ বিভাগে পুৰণা মথাউৰিৰ কাষতে নতুন মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা পৰিলক্ষিত হৈছে।
প্ৰেৰক আবুল কালাম