নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ মৰিগাঁও সাংবাদিক সমাজৰ প্ৰতিবাদ

🔹 নগাঁও জিলা আয়ুক্তৰ বিৰুদ্ধে বিহিত ব্যবস্থাৰ দাবী দল-সংগঠনৰ

বাৰ্তা বুৰো, ৬ জানুৱাৰী : নগাঁও জিলা আয়ুক্তই এগৰাকী জ্যেষ্ঠ সাংবাদিকক শাৰীৰিকভাৱে আক্ৰমণ কৰি চোৰ-ডকাইতৰ দৰে আৰক্ষী লগাই টানি নিয়া কাৰ্যক গৰিহণা জনাই মৰিগাঁও সাংবাদিক সমাজে ক’লা বেজ পৰিধান কৰি মৰিগাঁও সদৰ বিহুতলীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি, জিলা ছাত্ৰ সন্থাৰ সভাপতি ডিপুল কুমাৰ নাথ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যোতি চৌধুৰী, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰিফউদ্দিন আহমেদ, ,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ মৰিগাঁও কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক পৰেশ ডেকাৰ লগতে সহায় অসমৰ সভাপতি ৰাজু মহন্ত আদিয়ে অংশগ্ৰহণ কৰি নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ প্ৰসাদ শ্বাহে সাংবাদিকক আক্ৰমণ আৰু আৰক্ষী লগাই বৰ্বৰভাৱে টানি নিয়া কাৰ্যক ধিক্কাৰ আৰু গৰিহণা জনোৱাৰ লগতে আয়ুক্তগৰাকীৰ ওপৰত তদন্তক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়৷ অতি সোনকালে নগাঁৱৰ জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যজুৰি তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে মৰিগাঁও সাংবাদিক সমাজৰ লগতে বিভিন্ন সাংবাদিক সংগঠনে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত মৰিগাঁও জিলাৰ বিভিন্ন সংবাদ মাধ্যমৰ কৰ্মীসকল উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like