নিয়মীয়া বাৰ্তা ৫ জুনঃ কৰো’না মহামাৰীৰ সন্ত্ৰাসৰ মাজতে আজি সমগ্ৰ বিশ্বৰ লগতে মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু গুৱাহাটীৰ ফৰ্ম নৰ্থইষ্ট নামৰ চেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত জিলাখনৰ গোভা গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাঁৱলীয়া গাঁৱত বিশ্ব পৰিবেশ দিৱসটি উদযাপন কৰা কৰা হয় ৷ ক’ৰোনাৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা আৰু সামাজিক দুৰত্ব বৰ্তাই ৰাখি অনুষ্ঠিত কৰা পৰিবেশ দিৱসটিত উপস্থিত থাকে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু বিজ্ঞানী ডাক্তৰ সুভাষ কলিতা , মীন বিজ্ঞানী পৰাগ মনী ডেকা , পতংগ বিজ্ঞানী মুনমুন বসুমতাৰী , উদ্যান শষ্য বিশেষজ্ঞা সুকন্যা বৰুৱা ৷ এই অনুষ্ঠানতে কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা গাঁৱলীয়া গাঁৱৰ ৭ জন কৃষকৰ মাজত এক হাজাৰ উন্নত মানৰ তামোলৰ পুলি বিতৰণ কৰাৰ উপৰিও কমাৰকুছি গাঁৱত PMKVY আঁচনিৰ জৰিয়তে ৩৬ জন কৃষকৰ মাজত উন্নত মানৰ বাহাদুৰ তিনি কুইন্টল আৰু বীনা এক কুইন্টল ধানৰ বীজ বিতৰণ কৰে