নিয়মীয়া বাৰ্তা ২৬ জুলাই : নগাওঁ আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী ঐতিহাসিক কুঁজি সত্ৰত শনিবাৰে ১২ জনকৈ লোকৰ দেহত কভিড- ১৯ পজিটিভ ধৰা পৰিছে। ইয়াক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে সত্ৰ বাসী। জানিব পৰা মতে ঐতিহাসিক কুঁজি সত্ৰৰ হাজৰিকা উপাধিৰ এজন যুৱকৰ দেহত পাঁচ দিন পূৰ্বে ধৰা পৰিছিল কভিড-১৯ পজিটিভ। তাৰ পিছতেই মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে তৎপৰতাৰে যুৱক জনৰ সংস্পর্শলৈ অহা লোকসকলৰ পৰা স্বাব সংগ্ৰহ কৰিছিল । শনিবাৰে স্বাবৰ ফলাফলত ১২ জনকৈ লোকৰ দেহত ধৰা পৰে কভিড-১৯ পজিটিভ। ইফালে কুজি সত্ৰৰ সত্ৰাধিকাৰ তথা সত্র পৰিচালনা সমিতিয়ে আগন্তুক ১৪ দিনৰ বাবে সত্ৰলৈ আগমন ঘটিব লগিয়া তীৰ্থ যাত্রীৰ আগমনৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে। অৱশ্যে আগন্তুক ১৪ দিনৰ বাবে সত্ৰৰ দুগৰাকী ভকতে নিত্য নৈমিত্তিক প্ৰসংগ চলাই থাকিব। আজি মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই কুজি সত্ৰ পৰিভ্ৰমণ কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে সত্ৰক চেনিটাইজৰ ব্যৱস্থা কৰে। উপায়ুক্ত গৰাকীয়ে সত্ৰবাসীক আতংকিত নহবলৈ আহ্বান জনায়।