নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত বানাক্ৰান্ত এলেকা পৰিদৰ্শন জিলা উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ   ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে নগাঁও জিলাৰ বিভিন্ন এলেকাত প্ৰলয়ংকাৰী বানে তাণ্ডৱ সৃষ্টি ঠাই সমূহ পৰিদৰ্শন কৰিলে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই। আজি ৰহা ৰাজহচক্ৰ বিষয়া প্ৰিয়ংকা বনিয়া আৰু সংযোগী ৰাজহচক্ৰ বিষয়া সন্তোষ কুমাৰ নাথ আৰু দূৰ্যোগ ব্যৱস্থাপনা ক্ষেত্ৰ বিষয়া পৰিস্মৃতা শইকীয়াৰ উপস্থিতিত ৰহা ৰাজহচক্ৰৰ এলেকাধীন দেওবালি, জাকৰুৱা, পহুপুৰিখাইতি, দীঘলদৰি, কাকতিগাঁও, গুইমাৰী, বগলাজান, বাহাকাবাৰী, ভকতগাঁও, খন্দাজান, মোলানকটা আদি অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্ত গৰাকীয়ে জাকৰুৱা প্ৰাথমিক বিদ্যালয় আশ্ৰয় শিবিৰত, উদৰভেটী, কজলাজানৰ বানাক্ৰান্ত  সকলৰ লগত মতবিনিময় কৰি চৰকাৰী সাহাৰ্য লগতে পশুখাদ্য বিতৰণ আদি সন্দৰ্ভত আলোচনা কৰে।  উপায়ুক্ত গৰাকীয়ে বানাক্ৰান্ত লোকৰ শিশু,বৃদ্ধ আদিৰ মাজত ব্যক্তিগত ভাৱে বিস্কুট, পানীৰ লগতে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে। তদুপৰি উপায়ুক্ত গৰাকীয়ে স্থানীয় কৃষক সকলৰ লগতো মতবিনিময় কৰি বান বিধস্ত কৃষক সকলৰ উপযোগী হোৱাকৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ জৰিয়তে আবেদন কৰি ক্ষতিপূৰণ লাভ কৰিবলৈ আহ্বান জনাই।

You might also like