বাৰ্তা বুৰো, ২৪ আগষ্ট : ৰাজ্যৰ চিকিৎসা সেৱা খণ্ডৰ নতুন সংযোজন মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকার্য সময় মতে সম্পন্ন হোৱাৰ আশা ব্যক্ত কৰিলে জলসম্পদ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকাই। আজি দিনৰ ১২ বজাত মন্ত্ৰীগৰাকীয়ে বঘৰাস্থিত মেডিকেল কলেজ নিৰ্মাণ ক্ষেত্ৰত উপস্থিত হৈ নিৰ্মাণৰ সকলো দিশৰ বুজ লোৱাৰ লগতে ক্ষেত্ৰভিত্তিক তদাৰক কৰে। নিৰ্মাণকাৰ্যত জড়িত উচ্চপদস্থ বিষয়াসকলৰ লগত সকলো দিশ আলোচনা কৰাৰ লগতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
প্ৰেৰক প্ৰাঞ্জল দাস