নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহণশীলতা নীতিৰ বিপৰীতে মৰিগাঁও গ্ৰামোন্নয়ন বিভাগত কমিচন ৰাজৰ অভিযোগ

নিয়মীয়া বাৰ্তা ৫ জুনঃ ধোঁৱা চাং ত উঠিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহণশীলতাৰ নীতি। যি সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন সময়ত কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে সেই সময়তো কিন্তু মৰিগাঁও জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ একাংশ ৰাজনৈতিক আশীৰ্বাদপুষ্ট খণ্ড উন্নয়ন বিষয়া কৰ্মচাৰী আৰু প্ৰতিনিধিৰ মুক্ত কমিচনৰাজ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অতিষ্ঠ হৈ পৰা একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু ৰাজনৈতিক দলৰ নেতাই। ইতিমধ্যে মৰিগাঁও জিলাৰ বিতৰ্কিত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া জ্যোতিষ বৰদলৈয়ে কাৰ্য নিৰ্বাহ কৰা  ভোৰবন্ধা উন্নয়ন খণ্ডৰ অধীনৰ মানিপুৰ গাওঁ পঞ্চায়ত ৰ ১০ নং ৱাৰ্ড ৰ সদস্য বাবুল বৰদলৈয়ে তেওঁলোকৰ পঞ্চায়ত তথা ৱাৰ্ড ত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আবন্তিত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনি ৰূপায়ণৰ নামত মুকলি হোৱা ধনৰ ২০শতাংশ কমিচন পঞ্চায়ত কাৰ্যলয়ে কাটি ৰখাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি এই সম্পৰ্কত তদন্ত দাবী কৰি মুখ্যমন্ত্ৰীলৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। বাবুল বৰদলৈৰ অভিযোগ যে পঞ্চায়তৰ কোনো উন্নয়ন মূলক কামত তেওঁক জনোৱা নহয় আৰু সন্দেহজনক ব্যক্তিৰ দ্বাৰা নিৰ্মান সমিটি গঠন কৰি আঁচনি ৰূপায়ন কৰা হয়। আনহাতে এম জি এনেৰেগাৰ আঁচনিৰ বিপৰীতে ১০ শতাংশ কমিচন ৰাজ চলি অহা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে পঞ্চায়তৰ জি আৰ এছ আৰু সচিব গৰাকীয়ে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বাবে কমিচনৰ ধন কৰ্তন কৰা হয় বুলি প্ৰকাশ কৰা বুলি অভিযোগ কৰিছে বাবুল বৰদলৈয়ে। আনহাতে একেই অভিযোগ কৰিছে মানিপুৰ গাওঁ পঞ্চায়ত এলেকাৰ বাসিন্ধা তথা মৰিগাঁও জিলা অগপৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজীৱ কাকতিয়ে। মৰিগাঁও জিলাৰ মানিপুৰ গাঁও পঞ্চায়তকে ধৰি ভোৰবন্ধা উন্নয়ন খণ্ডৰ ১৩টাকৈ পঞ্চায়ত ত চতুৰ্দশ বিত্তীয় আয়োগৰ আবন্তিত পুঁজি আৰু এম জি এনেৰেগা আঁচনি পৰা ২০ শতাংশ আৰু১০ শতাংশ কমিচন পঞ্চায়ত সমূহৰ সচিব জি আৰ এছ সকলে মুকলিকৈ মৰিগাঁও সমষ্টিৰ বিধায়ক আৰু ভোৰবন্ধা উন্নয়ন খণ্ডৰ বিষয়া ৰ নামত কৰ্তন কৰি থকা বুলি অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ। অগপ নেতা ৰাজীৱ কাকতিৰ আহ্বান চৰকাৰে মৰিগাঁও ৰ ভোৰবন্ধা উন্নয়ন খণ্ডত চলি থকা চৰকাৰী ধন লুণ্ঠনৰ যি অভিযোগ উত্থাপন হৈছে সেয়া মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই তদন্ত কৰক। আনহাতে আৰু কেবাগৰাকী ভুক্তভোগী ব্যক্তিয়ে এই পঞ্চায়ত দুৰ্নীতিৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষী আৰু চি আই দি ত গোচৰ তৰাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা দেখা গৈছে।

You might also like