নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত আৰক্ষীৰ এনকাউণ্টাৰত আহত মণিপুৰৰ দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী আব্দুছ চামাদক ৪ কোটি টকাৰ হেৰোইনসহ গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ মৰিগাঁও আৰক্ষীৰ এক বিশেষ অভিযানত কালি নিশা প্ৰায় ১০.৩০ বজাত জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত ৰাম মন্দিৰৰ সমীপত মণিপুৰৰ পৰা অহা এক কুখ্যাত ড্ৰাগছ সৰবৰাহ কাৰী আব্দুছ চামাদ গ্ৰেপ্তাৰ হোৱাৰ লগতে প্রায় ৪ কোটি টকা মূল্যৰ হেৰো ইন জব্দ হয়। চামাদ নামৰ ব্যক্তিজনে এখন দুচকীয়া বাহনেৰে কঢ়িয়াই আনিছিল চাৰি কোটি টকাৰ ড্ৰাগছ। জাগীৰোডৰ ৰাষ্ট্ৰীয় ঘাই পথত মৰিগাঁৱ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল মণিপুৰৰ আব্দুলক লগত জব্দ কৰিছিল ৫৭৩ গ্ৰাম ড্ৰাগছ। ধৃত আব্দুলে ড্ৰাগছখিনি মণিপুৰৰ পৰা ডিমাপুৰৰ হৈ জাগীৰোডৰ নাখোলা গ্ৰাণ্ট নামৰ ঠাইত ডেলিভাৰী দিয়াৰ কথা আছিল। আৰক্ষীয়ে অধিক ব্যক্তিক আটক কৰাৰ বাবে নাখোলা গ্ৰাণ্টলৈ নিছিল আব্দুল চামাদক। কিন্তু বৰষুণ আৰু আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে আব্দুলক ৰখিবলৈ সংকেত দি শূণ্যলৈ এজাই গুলি ফুটাই যদিও আৰক্ষীৰ বাধা নামনি পলাই যোৱা আব্দুলক ভৰিলৈ লক্ষ্য কৰি গুলিয়াবলৈ বাধ্য হয়। নিশাই গুলিবিদ্ধ আব্দুলক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ এনে আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।এই ঘটনা সন্দৰ্ভত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে আজি নিজ কাজলয় তে পুৱা ১০ বজাত এখন সংবাদ মেল অনুষ্ঠিত কৰি ঘটনাৰ বিৱৰণ দিয়ে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like