নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত সনন্ত তাঁতি সোঁৱৰণী কবি সন্মিলনত মৃণালিনী দেৱী

নিয়মীয়া বার্তা, মৰিগাঁও, ৩ জানুৱাৰীঃ সম্প্রতি অসমীয়া গ্রন্থৰ ৰচনা–প্রকাশ বহু পৰিমাণে বৃদ্ধি পাইছে৷ অসমীয়া ভাষা–সাহিত্যৰ বাবে এয়া শুভ লক্ষণ৷ সকলো গ্রন্থই সুষম সাহিত্য নহয়৷ সুষম সাহিত্য হ’বলৈ হ’লে সমাজ–জাতিৰ উন্নয়নত চালিকা শক্তি হ’ব লাগিব৷ লেখক–লেখিকা গভীৰ অধ্যয়নমুখী হ’ব লাগিব৷ টুলুঙা সাহিত্যই সমাজ, জাতিৰ উন্নয়ন সাধিব নোৱাৰে৷ –এই মন্তব্য অসম সাহিত্য সভাৰ উপ–সভাপতি তথা বিশিষ্ট সমাজসেৱিকা মৃণালিনী দেৱীৰ৷

দেওবাৰে মৰিগাঁও চহৰৰ মৰিগাঁও শাখা সাহিত্য সভাৰ গুৰুচৰণ মেধি ভৱনত জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ–সমিতি আৰু মৰিগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত বিশিষ্ট কবি সনন্ত তাঁতিৰ সোঁৱৰণত অনুষ্ঠিত ‘কবি সন্মিলন’ৰ মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে এই মন্তব্য আগবঢ়ায়৷ জিলা সাহিত্য সভাৰ কবি সন্মিলনৰ সভাপতি হৰেন্দ্র বৰাৰ সঞ্চালনাত আয়োজিত এই অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ–সভাপতিগৰাকীয় কয়–সাহিত্য, শিল্প, সংস্কৃতিৰ মাজতহে জাতিৰ পৰিচয় পোৱা যায়৷ সাহিত্য আমাৰ আত্মাৰ অভিব্যক্তি৷ সকলো কর্মই আমাৰ জীৱনত আত্মাৰ অভিব্যক্তি৷ কর্মসমূহৰ ফলপ্রাপ্তি হ’লেহে আত্মাই শান্তি পায়৷ এয়া আজিৰ সময়ত অতি প্রয়োজনীয় কথা৷ মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্রতাপ হাজৰিকাই ‘কবি সন্মিলন’ উদ্বোধন কৰি কয়– মানৱ শৰীৰৰ শ্রেষ্ঠ অংগ হৈছে মানুহৰ মন আৰু মনৰ সিদ্ধান্তই চূডান্ত সিদ্ধান্ত৷ মনৰ চূডান্ত অনুভৱ প্রকাশেই কবিতা বুলি মন্তব্য প্রকাশ কৰাৰ উপৰি সভাপতিগৰাকীয়ে কয় যে সমাজত চলি থকা পৌৰাণিক, আধুনিক সকলো ঘটনাৰ আলম লৈ কবিতা সৃষ্টি হ’ব পাৰে৷ কবিতাই মানুহৰ জীৱন দর্শন প্রকাশ কৰে বুলি তেওঁ প্রকাশ কৰে৷ মৰিগাঁও জিলা কবি সন্মিলনৰ উপ–সমিতিৰ সভাপতি হৰেন্দ্র বৰাই সঞ্চালকৰ ভাষণত কয়– কবিতা এখন দাপোণৰ নিচিনা৷ কবিতাই সত্যৰ সন্ধান দিব পাৰে৷

জিলাখনৰ প্রবীণ–নবীন কবিয়ে অংশ লোৱা এই কবিতা অনুষ্ঠানটোৰ আঁত ধৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্ত, কবি সন্মিলন উপ–সমিতিৰ সম্পাদক নৱ ৰাজন আৰু শাখা সাহিত্য সভাৰ সম্পাদক বুবুল কাকতিয়ে৷ মৰিগাঁও গুৰুচৰণ মেধি ভৱনত অনুষ্ঠিত বর্ণাঢ়্য অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি বুবুমণি গোস্বামী, অসম সাহিত্য সভাৰ কার্যনির্বাহক অজিত শর্মা, জিলা সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি বিৰিঞ্চি কুমাৰ শর্মা, সু–সাহিত্যিক ৰুণুমী লহকৰৰ লগতে আমন্ত্রিত অতিথি হিচাপে অংশগ্রহণ কৰে অসম সাহিত্য সভাৰ আকাশ উপ–সমিতিৰ আহ্বায়ক স্বপ্ণা কলিতা, মৰিগাঁও শাখা সাহিত্য সভাৰ প্রাক্তন সভাপতি নুৰ মহম্মদ, প্রাক্তন সভাপতি স্মৃতিৰেখা গোঁহাইকে ধৰি বহুকেইজন বিশিষ্ট লোকে ৷ ইপিনে, অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীক মৰিগাঁও জিলা সাহিত্য সভাই উষ্ম আদৰণি জনায়৷ মৰিগাঁৱত কবি সন্মিলনত অংশ ল’বলৈ অহা সভাৰ উপ–সভাপতি মৃণালিনী দেৱীক আজি শশীকান্ত হাজৰিকা ভৱনত শৰাই, গামোচা আৰু জাপিৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্রতাপ হাজৰিকাই বিশেষভাৱে আদৰণি জনায়৷

You might also like