নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত অৱসৰ ঘোষণা পাকিস্তানৰ অলৰাউণ্ডাৰ মহম্মদ হাফিজৰ

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ পাকিস্তানৰ ক্ৰিকেট অনুৰাগীসকলে ২০২২ চনৰ আৰম্ভণিতে এটা বেয়া খবৰ। পাকিস্তান দলটোৰ কিংবদন্তী অলৰাউণ্ডাৰ মহম্মদ হাফিজে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত আজি ঘোষণা কৰিছে। ৪১ বছৰীয়া মহম্মদ হাফিজ এজন সোঁহতীয়া বেটছমেন আৰু অফস্পীন বলাৰ। পাকিস্তান দললৈ আটাইতকৈ দীঘলীয়া ক্ৰিকেট কেৰিয়াৰেৰে নিজৰ অৱদান আগবঢ়োৱা ক্ৰিকেটাৰসকলৰ মাজৰ এজন হাফিজ।

পাকিস্তানৰ অন্যতম সফল খেলুৱৈ হাফিজৰ অন্তিম টুৰ্ণামেণ্ট আছিল ২০২১ চনত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ।

উল্লেখ্য যে টেষ্ট ক্ৰিকেটত হাফিজে পাকিস্তানৰ হৈ ৫৫ খন মেচ খেলিছে আৰু ১০ টা শতকৰ সহায়ত ৩৬৫২ ৰান সংগ্ৰহ কৰিছে। আন্তৰ্জাতিক টেষ্টত হাফিজে ৫৩ টা উইকেট দখল কৰিছে। ইফালে এদিনীয়া কেৰিয়াৰত হাফিজে ২১৮ খন এদিনীয়াত ১১ টা শতকৰ সহায়ত ১৩৯ টা উইকেট আৰু ৬৬১৪ ৰান সংগ্ৰহ কৰে।

You might also like