নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ‘ৰং’ৰ পর্দাত নতুন ধাৰাবাহিক ‘মৰীচিকা’

২৫ বছৰৰ পাছত সৰু পর্দাত জনপ্রিয় অভিনেতা যতীন বৰা

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ‘যতীন বৰা’… নামেই যাৰ পৰিচয়৷ হয়, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু দেশ–বিদেশৰো প্রতিজন অভিনয় অনুৰাগী অসমীয়াৰ বুকুত এখন নিগাজি আসন তৈয়াৰ কৰা অসমৰ অভিনয় জগতৰ এক অনন্য আৰু ব্যতিক্রমী সত্তা হ’ল যতীন বৰা৷ অসমীয়া চলচ্চিত্র জগত আৰু ভ্রাম্যমাণ জগতৰ জৰিয়তে অসমীয়া দর্শকৰ বুকুত ঘৰ সাজিছে জনপ্রিয় অভিনেতা যতীন বৰাই৷ যতীন বৰাক ওচৰৰ পৰা লগ পাবলৈ অন্তৰত হাবিয়াস পুহি ৰখা প্রতিজন দর্শকলৈ সু–খবৰ কঢ়িয়াই আনিবলৈ প্রস্তুতি চলাইছে অসমৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’এ৷ মৰীচিকা… ইতিমধ্যে টিভিৰ পর্দাত আপোনালোকে প্রত্যক্ষ কৰিছে ‘মৰীচিকা’ৰ ফার্ষ্ট লুক৷

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ এক ব্যতিক্রমী প্রয়াস জনপ্রিয় অভিনেতাজনক সৰু পর্দাৰ মাধ্যমেৰে দর্শকৰ ওচৰ চপাই অনা৷ সুদীর্ঘ ২৫ বছৰৰ বিৰতিৰ অন্তত দর্শকে মৰমৰ অভিনেতাজনক দেখা পাব ৰং চেনেলৰ ‘মৰীচিকা’ ধাৰাবাহিকত৷ ধাৰাবাহিকখন কাইলৈ নিশা ৯ বজাৰ পৰা ‘ৰং’ৰ পর্দাত সম্প্রচাৰ হ’ব৷ সপ্তাহৰ সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত সম্প্রচাৰিত হ’ব মৰীচিকা৷ অসমৰ জনপ্রিয় নাট্যকাৰ অভিজিৎ ভট্টাচার্যৰ কাহিনী, চিত্রনাট্য আৰু সংলাপেৰে যতীন বৰাৰ নিজস্ব পৰিচালনাৰে বছৰৰ প্রাৰম্ভণিতে ৰঙৰ এই প্রয়াসে নিশ্চয় দর্শকক মনোৰঞ্জনৰ এক অন্য সোৱাদ দিবলৈ সক্ষম হ’ব৷ জেবি প্রডাকচনে কার্যবাহী প্রযোজনাৰ দায়িত্ব বহন কৰা ধাৰাবাহিকখনৰ প্রযোজনা নিয়ন্ত্রণৰ দায়িত্বত আছে মনোজ কুমাৰ মিশ্র৷ নগাঁও, গুৱাহাটী আৰু অসমৰ বহুকেইটা মনোৰম লোকেচনত যতীন বৰাৰ পৰিচালনাত দৃশ্যসমূহ সুন্দৰকৈ কেমেৰাৰে ধৰি ৰাখিছে প্রদীপ (ধন) দৈমাৰীয়ে৷

উল্লেখ্য যে অসমৰ সংগীত জগতত বর্তমান খলকনিৰ সৃষ্টি কৰা শংকুৰাজ কোঁৱৰে মৰীচিকাৰ শীর্ষ গীতত কণ্ঠদান কৰাৰ লগতে সুৰ আৰু সংগীতো কৰিছে৷ আনহাতে, অসমৰ অন্য এজন জনপ্রিয় কণ্ঠশিল্পী দীক্ষু শর্মায়ো কাষ্টিৰ বাবে এটা বিশেষ শীর্ষগীতৰ সুৰ–সংগীত কৰাৰ লগতে কণ্ঠদান কৰিছে৷ এতিয়া আহোঁ অভিনয় শিল্পীৰ কথালৈ৷ মৰীচিকাত যতীন বৰাৰ বিপৰীতে মুখ্য চৰিত্রত অভিনয় কৰিছে শ্যামন্তিকা শর্মাই৷ ইয়াৰ লগতে পৱিত্র বৰুৱা, প্রাণজিৎ গোস্বামী, পল্লৱী গোহাঁই পাঠক, সঞ্জীৱ শর্মা, বাবলি বৰা, অলকজ্যোতি শইকীয়া, দীপাংকৰ ৰয়, তালিস্মিতা গোস্বামী, ৰাজীৱ ৰাজনীশ, মৌচুম বৰা আদি বিভিন্ন বিশিষ্ট অভিনেতা–ভিনেত্রীয়ে৷ ধাৰাবাহিকখনৰ এটি শিশু চৰিত্রত অভিনয় কৰিছে সৃষ্টি ৰয়ে৷

ইতিমধ্যে চিত্রগ্রহণ চলি থকা ধাৰাবাহিকখনৰ দৃশ্যসমূহ সজীৱ কৰি তুলিবলৈ ৰূপসজ্জাৰে শিল্পীসমূহ সজাই তুলিছে বিশ্বজিৎ কলিতা আৰু প্রশান্ত বৰাই৷ প্রাঞ্জল হালৈয়ে মুখ্য সহকাৰী পৰিচালনাৰ দায়িত্ব বহন কৰা ধাৰাবাহিকখনৰ সম্পাদনা শ্যামল দাস আৰু অভিজিৎ ৰয়ৰ৷ পংকজ ইংতিয়ে কৰি’গ্রাফ কৰা গীতৰ সম্পাদনা আৰু প্রম’ সম্পাদনা প্রীতম খাউণ্ডৰ৷ স্থিৰচিত্র অনুপ বৰুৱা আৰু প’ষ্টাৰ ডিজাইন দীপাংকৰ ডেকাৰ৷ যতীন বৰাৰ অভিনয়–পৰিচালনাৰে সমৃদ্ধ ধাৰাবাহিকখনৰ দৃশ্যসমূহ নৈবেদ্য হাজৰিকাই আৱহ সংগীতেৰে আৰু অধিক প্রাণৱন্ত কৰি তুলিছে৷ জন্মলগ্ণৰে পৰা মনোৰঞ্জনৰ এক সুকীয়া পৰিচয়েৰে জনপ্রিয়তাৰ ধাৰা অক্ষুণ্ণ ৰখা ৰং চেনেলৰ এই অভিজাত তথা অভিনৱ প্রযোজনা ‘মৰীচিকা’, য’ত দর্শকে দেখা পাব বেদান্ত শইকীয়াৰ ৰূপত যতীন বৰাক৷ বেদান্ত শইকীয়াৰ জীপাল জীৱনটো সময়ৰ ঘড়ীৰ প্রতিটো পলে কেনেকৈ সলাই পেলাব, কি প্রত্যাহ্বানৰ মুখামুখি হ’ব, প্রেম, ত্যাগ, প্রতিশোধ, প্রতাৰণা, হাঁহি–কান্দোলনৰ এক সবল সংগ্রামেৰ তেওঁ কেনেকৈ জীৱন বাটত আগবাঢ়িব– এয়াই হ’ব মৰীচিকাৰ মূল বিষয়বস্তু৷ গতিকে ‘ৰং’ৰ এই প্রয়াস তথা প্রচেষ্টাক আপোনালোকে মৰম আৰু সঁহাৰিৰে প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত উপভোগ কৰিব বুলি আমি আশাবাদী৷

You might also like