নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত সম্প্ৰীতিৰ নিদৰ্শন : কামাখ্যা দৰ্শনাৰ্থী পশ্চিমবংগৰ ভক্তক আশ্ৰয় মছজিদ কমিটীৰ 

নিয়মীয়া বাৰ্তা, ১৪ জুন : ৰঙিয়াত আজি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা পঞ্চাশৰো অধিক তীৰ্থযাত্ৰীক খাদ্য যোগানৰ লগতে আশ্ৰয়স্থলৰ ব্যৱস্থা কৰে ৰঙিয়া কেন্দ্ৰীয় মছজিদ কমিটিয়ে। যোৱা ৯ জুনত পশ্চিমবংগৰ বৰহমপুৰৰ পৰা কামাখ‍্যা মন্দিৰ দৰ্শনৰ বাবে ৫৮জন যাত্ৰী আহে। দুদিনৰ যাত্ৰাৰ অন্তত সমুহ যাত্ৰীয়ে দেওবাৰে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা দৰ্শন কৰে। দৰ্শনৰ অন্তত যাত্ৰীসকলে যোৱানিশা ওভতনি যাত্ৰা আৰম্ভ কৰে যদিও নিশা প্ৰায় দুই বজাত ৰঙিয়াৰ হাইৱে চকৰ কাষত বাছখন যান্ত্ৰিক বিজুতি ঘটে। বহিঃৰাজ‍্যৰ পৰা অহা যাত্ৰীসকল ৰাজপথত বিমোৰত পৰে। ইফালে ঘটনাটোৰ বিষয়ে সমীপতে থকা ৰঙিয়া হাইৱে চক কেন্দ্ৰীয় মছজিদ কমিটিৰ সদস্য কেইগৰাকীমানে অৱগত হোৱাত যাত্ৰী সকলক মছজিদত আশ্ৰয়ৰ ব্যৱস্থা কৰে। কিছু সময় পিছত মছজিদ কমিটিৰ সদস্যসকলে যাত্ৰীসকলৰ বাবে খাদ‍্য আৰু বিশ্ৰামৰ ব‍্যৱস্থা কৰে। ইয়াৰ উপৰি বিকল হৈ পৰা বাছখন মেৰামতি কৰিবলৈ মছজিদ কমিটিৰ সদস্যসকলে মেকানিকৰ সৈতেও যোগাযোগ কৰি দিয়ে। লগতে কমিটিৰ সদস্যসকলে তীৰ্থযাত্ৰীসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জনায়। বাছখন ঠিক হোৱাৰ সময়খিনিলৈ তীৰ্থযাত্ৰীসকলেও মছজিদত সময় অতিবাহিত কৰে। ধৰ্মৰ নামত এচামে সমাজ বিনষ্ট কৰিব বিচৰাৰ বিপৰীতে এনে সম্প্ৰীতিৰ চানেকিয়ে সমাজখনলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে।
প্ৰেৰক ফাৰুক হুছেইন
You might also like