নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মষ্ট ৱাণ্টেড গো-মাফিয়া সিৰাজুল হকক আৰক্ষীৰ এনকাউণ্টাৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই : ৰাজ্যত পুনৰ এনকাউন্টাৰ। এইবাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত এনকাউন্টাৰ। মষ্ট ৱাণ্টেড গো-মাফিয়া সিৰাজুল হকক এনকাউন্টাৰ। গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ পশ্চিম গাইখোৱাত এই এনকাউন্টাৰৰ ঘটনা সংঘটিত হয়। এনকাউন্টাৰ কৰে গোলকগঞ্জ আৰক্ষীয়ে। আজি পুৱতি নিশা আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰোঁতে গোলকগঞ্জ আৰক্ষীয়ে কৰে এনকাউন্টাৰ। কালি দিনৰ ভাগত আৰক্ষীয়ে আটক কৰিছিল গো-মাফিয়া সিৰাজুল হকক। উল্লেখ্য যে আজি পুৱতি নিশা সিৰাজুল হকক লৈ গাইখোৱাত উপস্থিত হৈছিল গোলকগঞ্জ আৰক্ষী। সেই সময়ত সিৰাজুল হকে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে। ফলত গোলকগঞ্জ আৰক্ষীৰ গুলীত আহত হয় গো-মাফিয়া সিৰাজুল হক। উল্লেখ যে দুদিন পূৰ্বে AS-01 AV-0099 নম্বৰৰ এল্টো গাড়ীত ৫টা গৰু উদ্ধাৰ কৰে । সেই উদ্ধাৰ কৰা গৰুকেইটা ধৃত সিৰাজুল হকে লৈ আনিছিল । সেয়েহে কালি গোলকগঞ্জ আৰক্ষীয়ে লক্ষীমাৰীত হকক আটক কৰি আজি পুৱতি নিশা হকৰ সহযোগী মোন্নাফ আলীক আটক কৰিবলৈ যায় । তাতে আৰক্ষীক আক্ৰমণ কৰি হকে পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় ।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like