নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীপুৰ আৰক্ষীৰ জালত ম’ষ্টৱাণ্টেড জহিৰুল

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ যোৱা নিশা ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীৰ জালত এজন গো-মাফিয়া জালত পৰা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মষ্ট ৱান্টেডৰ তালিকাত আছিল জহিৰুল আকন্দ ধৃত সেই লোকজন। দীৰ্ঘদিনে পলাতক অৱস্থাত থকা আকন্দক গৌৰীপুৰ থানাত ৰুজু হৈ থকা ২২৯/২৩ নম্বৰৰ এটি গোচৰৰ ভিত্তিত কৰায়ত্ত কৰা হোৱা বুলি প্ৰকাশ। জানিব পৰা মতে, ধৃত গো-মাফিয়াজনৰ ঘৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত গেৰামাৰী ২য় খণ্ড অঞ্চলত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like