মৌচুমী শইকীয়া শ্ৰেষ্ঠ গ্ৰন্থাগাৰ ব্যৱহাৰকাৰী
বিশেষ বার্তা, ৮ ফেব্ৰুৱাৰী : নাহৰকটীয়া মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ আজি বিভিন্ন বঁটা প্ৰদান কৰা হয়। নাহৰকটীয়া মহাবিদ্যালয়ৰ ৫৮সংখ্যক মহাবিদ্যালয় সপ্তাহৰ আজি অনুষ্ঠিত মুকলি আৰু বঁটা বিতৰণী সভাৰ লগত সংগতি ৰাখি গ্রন্থগাৰৰ তৰফৰ পৰা প্ৰদান কৰা ২০২৪-২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ গ্রন্থগাৰ ব্যৱহাৰকাৰীৰ বঁটা লাভ কৰে অসমীয়া বিভাগৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী মৌচুমী শইকীয়াই। একেদৰে দ্বিতীয় শ্ৰেষ্ঠ ব্যৱহাৰ কাৰীৰ বঁটা লাভ কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ অনুজ বৰাই। আনহাতে ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা নিৰ্দিষ্ট বিষয়ৰ ওপৰত ৰচনা প্ৰতিযোগিতাত য়াচিতা সোনাৰে তৃতীয় স্থান আৰু নয়নিকা গগৈয়ে দ্বিতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে শ্ৰেষ্ঠতা অর্জন কৰে গৰিমা বৰুৱাই। বঁটা সমূহ বিতৰণ কৰে মুকলি সভাৰ মুখ্য অতিথি পংকজ সোনোৱাল, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, মহাবিদ্যালয়খনৰ প্ৰশাসনিক মুৰব্বী ডঃ স্মৃতি ৰেখা গগৈ গায়ন আৰু গ্ৰন্থাগাৰিক সুৰজ গগৈয়ে। উল্লেখযোগ্য যে বিগত এটা সপ্তাহ জুৰি অনুষ্ঠিত হৈ থকা নাহৰকটীয়া মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহত বিভিন্ন সাংস্কৃতিক, সাহিত্য তথা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে আজি মহাবিদ্যালয় খনৰ প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় যত প্ৰতিযোগী সকলে অসমৰ বিভিন্ন সাংস্কৃতিক, ধৰ্মীয় তথা সামাজিক ছবি দাঙি ধৰিবলৈ সক্ষম হয়।
প্ৰেৰক প্ৰাঞ্জল ভূঞা