নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান যোৱাৰ কথা স্বীকাৰ সাংসদ গৌৰৱৰ, সত্য প্ৰমাণ মুখ্যমন্ত্ৰীৰ অভিযোগ

১৪-১৫ বছৰ আগতে মোৰ পত্নী এবছৰৰ বাবে পাকিস্তান আছিল। আৰু লগতে ২০১৩ চনত ময়ো এবাৰ পাকিস্তানলৈ গৈছিলো পত্নীৰ লগত

পাকিস্তান যোৱাৰ কথা স্বীকাৰ সাংসদ গৌৰৱৰ, সত্য প্ৰমাণ মুখ্যমন্ত্ৰীৰ অভিযোগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মে’ : অৱশেষত পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা পাকিস্তান যোৱাৰ তথ্যক লৈ যোৱা কেইবাদিনো সংবাদ মেল পাতি ছালে-বেৰে কোবোৱা উত্তৰ দি আহিছিল।

তেওঁ সংবাদ মেলত কয়, ১৪-১৫ বছৰ আগতে মোৰ পত্নী এবছৰৰ বাবে পাকিস্তান আছিল। আৰু লগতে ২০১৩ চনত ময়ো এবাৰ পাকিস্তানলৈ গৈছিলো পত্নীৰ লগত।

পিছে আজি দিল্লীত সাংবাদিক মেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অনা এই স্পৰ্শকাতৰ বিষয়টোক মানি লয় সাংসদ গৌৰৱে। লগতে তেওঁ তেওঁৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰাৰ কথাও স্বীকাৰ কৰিলে।

ইয়াৰ লগে লগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অনা অভিযোগৰ সত্যতা প্ৰমাণ হল। মুখ্যমন্ত্ৰী ড০ শৰ্মাই অনা ৩ অভিযোগৰ সত্য প্ৰমাণিত হ’ল।

পিছে সাংসদ গৌৰৱে কাৰ আমন্ত্ৰণত পাকিস্তান গৈছিল সেই কথা আজিৰ সাংবাদিক মেলত নক’লে।

আনহাতে সন্তানৰ নাগৰিকত্ব ব্যক্তিগত বিষয় বুলি এৰাই চলিলে সাংসদ গৌৰৱে।

You might also like