জালিয়াতিৰ বাবে শিক্ষকৰ চাকৰি হেৰুৱাইছিল মৃদুপৱনৰ পিতৃয়ে
জ্যেষ্ঠ ভগ্ণী মৃণালিনী ৰঙাঘৰৰ ভাত খাই এতিয়া হৈছে জ্যোতিষী আটলাণ্টাঃ একে পথৰে পথিক ককায়েকো
নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ বিলাসী বাহন বিক্রীৰ নামত ৩১ লাখ টকা আত্মসাৎ কৰা স্বয়ম্ভু বিজেপি নেতা প্রৱঞ্চক মৃদুপৱন নেওগৰ ইটোৰ পাছত সিটো কু–কীর্তি পোহৰলৈ আহিছে৷ মৃদুপৱনৰ তেজতেই আছিল প্রৱঞ্চনাৰ বীজ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে কেৱল মৃদুপৱনেই নহয়, তেওঁৰ পিতৃ থানেশ্বৰ নেওগ, মাতৃ পদুমী নেওগ, জ্যেষ্ঠ ভগ্ণী মৃণালিনী নেওগ ওৰফে মুম্বাইৰ জ্যোতিষী আটলাণ্টা কাশ্যপ আৰু ককায়েকৰ বিৰুদ্ধেও আছে প্রৱঞ্চনাৰ অভিযোগ৷ নগাঁও থানাত ৰুজু হোৱা ২৩২৮/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে কাহিলিপাৰাৰ এপার্টমেণ্টত অভিযান চলোৱাৰ পাছতে পোহৰলৈ আহিছে মৃদুপৱনৰ ঠগ–প্রৱঞ্চনাৰ আঁৰৰ বহু কাহিনী৷ অসমৰ ‘মিষ্টাৰ নট’ৱাৰলাল’ মৃদুপৱনে জ্যেষ্ঠ ভগ্ণী মৃণালিনী নেওগ ওৰফে মায়ানগৰী মুম্বাইৰ স্বঘোষিত জ্যোতিষী আটলাণ্টা কাশ্যপৰ লিংক ব্যৱহাৰ কৰি বিজেপি–আৰ এছ এছ নেতাৰ কাষ চাপিছিল৷
বহুৰূপী মৃদুপৱনে জ্যেষ্ঠ ভগ্ণী আটলাণ্টাৰ জৰিয়তে একাংশ কেন্দ্রীয় মন্ত্রীৰ সৈতে চিনাকি হৈ ফটো আৰু ছেলফি উঠি ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্রচাৰ কৰি নিজকে প্রভাৱশালী ব্যক্তি হিচাপে জাহিৰ কৰিছিল৷ ৰাজনৈতিক নেতা–মন্ত্রীৰে থকা সু–সম্পর্কৰ প্রভাৱতে উত্তৰ প্রদেশৰ এজন দেহৰক্ষীও লগত ৰাখিছিল প্রৱঞ্চক মৃদুপৱনে৷ দেহৰক্ষীজনক ব্যৱহাৰ কৰি বহু লোকৰ পৰা ঠগ–প্রৱঞ্চনাৰে লাখ লাখ টকা সংগ্রহ কৰিছিল৷ প্রৱঞ্চক মৃদুপৱনৰ বিৰুদ্ধে বি আই ই অ’তো ৰুজু হৈ আছে গোচৰ৷ চলিত বর্ষৰ জুলাই আৰু আগষ্ট মাহত বোকাজন আৰক্ষীয়ে মৃদুপৱনৰ বাসগৃহত দুখনকৈ জাননী দিয়াৰ পাছতো ৰহস্যজনকভাৱে বহুৰূপী প্রবঞ্চকজন উপস্থিত হোৱা নাছিল বি আই ই অ’ৰ কার্যালয়ত৷ ২০০৫ চনত বোকাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হৈছিল প্রৱঞ্চক মৃদুপৱন৷ কিন্তু উত্তীর্ণ হ’ব নোৱাৰিলে৷
মেট্রিক ফেল মৃদুপৱনে নিজকে ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ৰ পৰামর্শদাতা হিচাপেও দাবী কৰিছিল৷ ঠগ–প্রৱঞ্চনাৰে সম্পত্তিৰ পাহাৰ গঢ়া মিষ্টাৰ নট’ৱাৰলাল মৃদুপৱনে অভিজাত জীৱন যাপন কৰি আহিছিল৷ মৃদুপৱনৰ পিতৃ থানেশ্বৰ নেওগেও জাল প্রমাণ–পত্রৰে হিন্দী শিক্ষক হিচাপে খটখটি উচ্চ মাধ্যমিক বিদ্যালয়ত চাকৰি কৰিছিল৷ ২০১৩ চনৰ ২১ আগষ্টাত থানেশ্বৰ নেওগৰ প্রমাণ–পত্রৰ জালিয়াতি ধৰা পৰাত তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল৷ একেদৰে মাতৃ পদুমী নেওগেও জাল চার্টিফিকেট লৈ শিক্ষকতাৰ চাকৰি কৰি অৱসৰ গ্রহণ কৰাত এতিয়াও পেন্সন লাভ কৰা নাই৷ মৃদুপৱনৰ জ্যেষ্ঠ ভগ্ণী মৃণালিনী নেওগে নাম সলাই আটলাণ্টা কাশ্যপ হিচাপে মায়ানগৰী মুম্বাইত জ্যোতিষীৰ ৰূপত ‘আবির্ভাৱ’ ঘটিছে৷ জ্যোতিষী আটলাণ্টাৰো আছে বহু বিতর্কিত অতীত৷
২০০০ চনত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্রিক পাছ কৰি মৃণালিনী নেওগ ওৰফে আটলাণ্টাই গোলাঘাটলৈ পঢ়িবলৈ যায়৷ মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাৰ কার্যসূচী চলি থকাৰ সময়তে মৃণালিনীয়ে ইচছাকৃতভাৱে এপাহ গোলাপ ফুল এজন প্রবক্তালৈ দলিয়াই দিয়ে৷ যাৰ বাবে মহাবিদ্যালয় কর্তৃপক্ষই মৃণালিনীক কলেজৰ পৰা বহিষ্কাৰ কৰে৷ ইয়াৰ পাছতেই মৃণালিনী গুৱাহাটীলৈ আহি ফেশ্বন ডিজাইনৰ স’তে জড়িত হৈ পৰে৷ গুৱাহাটীৰ পৰা অনা–অসমীয়া ব্যৱসায়ীৰ স’তে প্রায়ে গোৱালৈ যোৱা মৃণালিনীয়ে পিছলৈ গোৱাতে থাকিবলৈ লয়৷ গোৱাত থকাৰ সময়ত অসামাজিক কার্যকলাপৰ স’তে জড়িত হৈ ৰঙা ঘৰৰ ভাত খাবলগীয়া হয় মৃণালিনীয়ে৷ জে’লৰ পৰা ওলাই মৃণালিনী নেওগ হৈ পৰে আটলাণ্টা কাশ্যপ৷ মুম্বাইত আটলাণ্টা কাশ্যপ হৈ পৰে এগৰাকী জ্যোতিষী৷ জ্যোতিষী হিচাপে জনপ্রিয় অভিনেতা–অভিনেত্রী, ৰাজনৈতক নেতা–মন্ত্রীৰে আটলাণ্টাৰ আছে সু–সম্পর্ক৷ আটলাণ্টাই ভাতৃ মৃদুপৱনকো মুম্বাইলৈ লৈ যায়৷
ইফালে মৃদুপৱনৰ জ্যেষ্ঠ ভাতৃ মহানন্দ নেওগো হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীর্ণ হ’ব নোৱাৰি ভগ্ণী আটলাণ্টাৰ লগতে আছিল৷ পাঁচ বছৰ পূর্বে মহানন্দই বিবাহপাশত আবদ্ধ হয় যদিও তিনি মাহ পাছতেই বিবাহ বিচ্ছেদ ঘটে৷ এই সন্দর্ভত বোকাজান থানাত মহানন্দৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈ আছে৷ বিবাহ বিচ্ছেদ হোৱাৰ পাছতেই মহানন্দই মুম্বাইত জ্যেষ্ঠ ভগ্ণী আটলাণ্টাৰ স’তে জ্যোতিষ চর্চা কৰি বর্তমান আৰিয়ান কাশ্যপ নামেৰে পৰিচিত৷ উল্লেখ্য যে পলাতক প্রৱঞ্চক মৃদুপৱনৰ বিৰুদ্ধে পাণবজাৰ মহিলা থানাত ২২৫/২১ নম্বৰত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে৷ অসমৰ মিষ্টাৰ নট’ৱাৰলাল মৃদুপৱনৰ আৰু বহু কু–কীর্তি আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷
মৃদুপৱনক এক নম্বৰ প্রৱঞ্চক আখ্যা নগাঁও আৰক্ষী অধীক্ষকৰ
মৃদুপৱন নেওগ নামৰ প্রৱঞ্চকজনক বিচাৰি নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও তেওঁৰ সন্ধান বর্তমানলৈকে উলিয়াব পৰা নাই৷ নিজকে আই পি এছ, এ পি এছ, গৃহ মন্ত্রালয়ৰ কর্মচাৰী, সাংবাদিক বুলি পৰিচয় দিয়া মেট্রিক অনুত্তীর্ণ বহুৰূপী মৃদুপৱন নেওগ নামৰ যুৱকজন এতিয়া নগাঁও আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে৷ আজি এখন সংবাদ মেলত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই কয়– ‘মৃদুপৱন নেওগ নামৰ লোকজনে নিজকে কেতিয়াবা চোৰাংচোৱা বিষয়া, কেতিয়াৱা আই পি এছ বিষয়াৰ ভূমিকাত অৱতীর্ণ হৈ বহু লোকক প্রৱঞ্চনা কৰি আহিছে৷ তেওঁ নগাঁৱৰ এজন ব্যৱসায়ীক প্রৱঞ্চনা কৰিছে৷ ব্যৱসায়ীজনৰ পৰা ৩০ লাখ টকা লৈ প্রৱঞ্চনা কৰিছে৷ এই সন্দর্ভত আমি অভিযান চলাইছেছা৷ অভিযানৰ সময়ত মৃদুপৱন নেওগ পলাই যাবলৈ সক্ষম হয়৷ বর্তমানো তেওঁ পলাতক অৱস্থাত আছে৷ আমি তেওঁক শীঘ্রে কৰায়ত্ত কৰিবলৈ সক্ষম হ’ম৷’
আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে আৰু কয়– ‘মৃদুপৱনৰ ঘৰত অভিযান চলোৱাৰ সময়ত তেওঁৰ ঘৰৰ পৰা আই পি এছৰ বেজ, অশোক স্তম্ভ, পেড আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছেছা৷ তেওঁৰ ঘৰত জুৱেলাৰী পাইছোঁ, তেওঁৰ ঘৰৰ গেটত গভট অৱ ইণ্ডিয়া লিখা আছে৷ তদুপৰি তেওঁৰ দুখন গাডী পাইছেছা৷ দুয়োখন গাডীতে গভট অৱ ইণ্ডিয়া লিখা আছে৷ তেওঁ কোনো শীর্ষ বিষয়া, জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ লগতে শীর্ষ বিষয়াৰ এছকর্ড গাডীৰ ওচৰত ৰৈ ফটো উঠে৷ তাৰ জৰিয়তে তেওঁ মার্কেটিং কৰি আহিছে৷ তেওঁ এজন এক নম্বৰ প্রৱঞ্চক৷ তেওঁৰ বিৰুদ্ধে গুৱাহাটীতো গোচৰ ৰুজু হৈ আছে৷ নগাঁৱতো এটা গোচৰ ৰুজু হৈ আছে৷ আৰু এটা গোচৰ ৰুজু হ’ব৷’ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়– ‘তেওঁ ছ’চিয়েল মিডিয়াৰ একাউণ্ট ডিলিট কৰি দিছে৷ তেওঁৰ লগত উত্তৰ প্রদেশৰ এগৰাকী ব্যক্তিগত দেহৰক্ষী আছে৷ এই দেহৰক্ষীজনক আৰক্ষী জোৱান বুলি পৰিচয় দি বহু নামী–দামী লোকক প্রৱঞ্চনা কৰি আহিছে৷ তেওঁৰ একাংশ আত্মীয়ৰ কাম–কাজ সন্দেহজনক৷ এই সন্দর্ভত আমি তদন্ত কৰি আছোঁ৷ মৃদুপৱন নেওগ নামৰ লোকজনৰ বিৰুদ্ধে ২৩২৮/২১ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/১৭১/৫০৬/৩৪ ধাৰাত নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে৷’
ইপিনে, আৰক্ষী সূত্রে জানিব পৰা মতে মৃদুপৱন নেওগ নামৰ লোকজনে এখন বিলাসী ফৰচুনাৰ বাহন বিক্রীৰ নামত নগাঁৱৰ নেহা কাৰ বাজাৰ নামৰ এটা প্রতিষ্ঠানৰ পৰা প্রায় ৩১ লাখ টকা আত্মসাৎ কৰিছিল৷ লোকজনে প্রতিষ্ঠানটোক বিলাসী বাহনখন বিক্রী কৰাৰ প্রতিশ্রুতি দিছিল৷ সেই অনুযায়ী নেহা কাৰ বাজাৰ প্রতিষ্ঠানৰ কর্তৃপক্ষই মৃদুপৱন নেওগৰ একাউণ্টত প্রায় ৩১ লাখ টকা ভৰাই দিছিল৷ কিন্তু এই ধন দিয়াৰ মাহদিয়েক পাৰ হোৱাৰ পাছতো মৃদুপৱন নেওগে লোকজনক বাহনখন হস্তান্তৰ নকৰিলে৷ নগাঁও আৰক্ষীয়ে পৰহি নিশা মৃদুপৱনৰ গুৱাহাটীৰ কাহিলিপাৰাস্থিত বাসগৃহত অভিযান চলায়৷ আৰক্ষীৰ অভিযানৰ সময়তেই মৃদুপৱন নেওগে পলায়ন কৰিবলৈ সক্ষম হয় যদিও মৃদুপৱনৰ বাসগৃহৰ পৰা অস্ত্র–শস্ত্র, বহু অপত্তিজনক সামগ্রীৰ লগতে নথিও জব্দ কৰিবলৈ সক্ষম হয়৷ লগতে মৃদুপৱনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু গাডীচালককো সোধা–পোছাৰ বাবে আৰক্ষীয়ে আটক কৰে৷ নগাঁও আৰক্ষীয়ে ঘটনা সন্দর্ভত দুয়োকে জেৰা অব্যাহত ৰখাৰ লগতে মৃদুপৱনক বিচাৰি ব্যাপক অভিযান আৰম্ভ কৰিছে৷