নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ ষড়যন্ত্র উন্মোচন

দৰং জিলাৰ ব্রহ্মপুত্রৰ চাপৰি গৰুখুঁটিত ৰাজ্য চৰকাৰৰ উদ্যোগত খিলঞ্জীয়া যুৱক–যুৱতীসকলে কৃষি প্রকল্পত নিয়োজিত হোৱাৰ লগে লগে আৰম্ভ হৈছে ভয়ংকৰ ষড়যন্ত্র৷ গৰুখুঁটিৰ ৭৭,৪২০ বিঘা ভূমিত কৃষিজাত সামগ্রী উৎপাদনৰ লক্ষ্যৰে খিলঞ্জীয়াসকলক কর্মসংস্থাপন প্রদানৰ অভিলাষী আঁচনিখনৰ গুৰুদায়িত্ব চৰকাৰে প্রদান কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক৷ ইতিমধ্যে কন্যকা কৃষিপামৰ জৰিয়তে সফলতাৰ বাট দেখুওৱা পদ্ম হাজৰিকাই গৰুখুঁটি কৃষি প্রকল্পত দিনে–নিশাই জড়িত হৈ দৰং জিলাৰ খিলঞ্জীয়া যুৱক–যুৱতীসকলক্ এক আশাৰ সপোন দেখুৱাইছে৷ গৰুখুঁটিৰ চাপৰি অঞ্চলটোত এসময়ত খিলঞ্জীয়া লোকসকলে কৃষিকর্মত নিয়োজিত হৈছিল যদিও বিগত প্রায় চাৰি দশক ধৰি বাংলাদেশী মূলৰ সন্দেহযুক্ত নাগৰিকৰ আগ্রাসনৰ বাবে সমগ্র অঞ্চলটোত খিলঞ্জীয়াৰ ভেটি উছন হৈছিল৷ গৰুখুঁটিৰ বৃহৎ চাপৰি অঞ্চলটোৰ প্রায় তিনি হাজাৰ বিঘা ভূমিত বেদখল উচ্ছেদ কৰি কৃষি প্রকল্পৰ কাম আৰম্ভ কৰা হৈছে যদিও এতিয়াও সন্দেহযুক্ত নাগৰিকৰ বেদখলত আছে প্রায় চাৰি হাজাৰ বিঘা ভূমি৷ বেদখল উচ্ছেদ অভিযান চলোৱাৰ সময়ত ২৩ ছেপ্ঢেম্বৰত গৰুখুঁটিৰ ধলপুৰত সন্দেহযুক্ত নাগৰিকসকলে লাঠী–জোং–দা আদিৰে আক্রমণ কৰি এক যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি কৰে৷ বেদখলকাৰীৰ এই আক্রমণত কেইবাজনো নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হৈছে৷ বেদখলকাৰীক নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত দুজন লোক নিহত আৰু কেইবাজনো আহত হৈছে৷ ২৩ ছেপ্ঢেম্বৰত সংঘটিত ভয়ংকৰ পৰিস্থিতিৰ পাছত ধলপুৰত উচ্ছেদ অভিযান বন্ধ ৰাখিছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে ঘোষণা কৰিছে যে ধলপুৰৰ হিংসাত্মক ঘটনাৰ অন্তৰালত সদৌ অসম মুছলিম ছাত্র সন্থা (আমছু), পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া (পি এফ আই) আৰু কেম্পাছ ফ্রণ্ট অৱ ইণ্ডিয়া (চি এফ আই) নামৰ সংগঠন তিনিটা জড়িত আছে৷ বেদখলকাৰীক হিংসাত্মক কার্যৰ বাবে উচটনি প্রদানৰ ক্ষেত্রত ছজন লোক জড়িত থকা বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্রীয়ে৷ উচ্ছেদ বন্ধ কৰাৰ প্রতিশ্রুতিৰে বেদখলকাৰীসকলৰ পৰা ২৮ লাখ টকা সংগ্রহ কৰাৰ তথ্যও মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই যি তথ্য মুকলি কৰিছে, সেয়া নিতান্তই ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে এক গভীৰ ভাবুকি৷
খিলঞ্জীয়া লোকসকলক কর্মসংস্থাপনৰ লক্ষ্যৰে গঢ়ি উঠা গৰুখুঁটি কৃষি প্রকল্প সফল কৰিবলৈ হ’লে অঞ্চলটোৰ পৰা বেদখলকাৰী তথা সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ কৰিবই লাগিব৷ বেদখলকাৰীৰ পক্ষত যিমানেই প্রভাৱশালী চক্র তথা ৰাজনৈতিক শক্তি নাথাকক কিয়, সেয়া প্রতিহত কৰি গৰুখুঁটিৰ বৃহত্তৰ চাপৰি মুক্ত নহ’লে অনাগত দিনত খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ অধিকাৰ ঘূৰাই পাব বুলি আশা কৰিব নোৱাৰি৷ ২৩ ছেপ্ঢেম্বৰৰ উচ্ছেদ অভিযানত বেদখলকাৰীয়ে সৃষ্টি কৰা হিংসাত্মক ঘটনাৰ পাছত বহু কথাই পুনৰ পোহৰলৈ আহিছে৷ ১৯৮৩ত গৰুখুঁটি অঞ্চলত কৃষিকর্মত নিয়োজিত আঠজন খিলঞ্জীয়া যুৱকক সন্দেহযুক্ত নাগৰিকে নৃশংসভাৱে হত্যা কৰাৰ তথ্যও পুনৰ পোহৰলৈ আহিছে৷ কিদৰে সন্দেহযুক্ত নাগৰিকৰ ভাবুকিত খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ কৃষিভূমি হেৰুৱাইছিল, সেয়াও এতিয়া উন্মোচিত হৈছে৷ এনে পৰিস্থিতিত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ সুৰক্ষা অথবা পুনৰুদ্ধাৰ কৰাটো ৰাজ্য চৰকাৰে মুখ্য দায়িত্ব হিচাপে গ্রহণ কৰা উচিত৷ মুখ্যমন্ত্রী ড০ শর্মাই এই কথা ভালদৰে জানে যে একাংশ দল–সংগঠনে বেদখল উচ্ছেদৰ বিৰোধিতা কৰিলেও ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল উচ্ছেদবিৰোধী অভিযানৰ পক্ষত আছে৷ বাংলাদেশী মূলৰ সন্দেহযুক্ত নাগৰিকসকলৰ আগ্রাসনত খিলঞ্জীয়া লোকসকলৰ জীৱনলৈ কিদৰে ভয়াৱহ বিপদ নামি আহিছে, সেয়া এতিয়া আৰু লুকাই থকা নাই৷ এই শক্তিক প্রতিহত কৰিবলৈ ২০২১ৰ বিধানসভা নির্বাচনত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ পূর্ণ সমর্থনত মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছে ড০ শর্মা৷ প্রকৃততে গৰুখুঁটিৰ কৃষি প্রকল্প অথবা ধলপুৰৰ বেদখল উচ্ছেদ অভিযান এক সাধাৰণ ঘটনা বুলি অভিহিত কৰা উচিত নহ’ব৷ এয়া খিলঞ্জীয়া আৰু বাংলাদেশী মূলৰ সন্দেহযুক্ত নাগৰিকৰ মাজত চলা যুঁজৰ বহিঃপ্রকাশ৷ এই যুঁজখনত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ হেৰুওৱা অধিকাৰ লাভ কৰি বিজয় সাব্যস্ত কৰিবলৈ হ’লে ৰাজ্য চৰকাৰে কঠোৰ সিদ্ধান্ত গ্রহণ কৰিবই লাগিব৷ সন্দেহযুক্ত নাগৰিকক লৈ কুটিল ৰাজনীতি তথা ষড়যন্ত্র প্রতিহত কৰি চৰকাৰে ধলপুৰক সম্পূর্ণ বেদখলমুক্ত কৰিবলৈ পদক্ষেপ গ্রহণ কৰিবই লাগিব৷ অন্যথা খিলঞ্জীয়া লোকসকলৰ অধিকাৰ কোনো কাৰণতে সুৰক্ষিত নহয়৷

You might also like