নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ‘অসমৰ জনগোষ্ঠীয় আধুনিক উপন্যাস’ শীৰ্ষক আলোচনা-চক্ৰত মৃণালিনী দেৱী

বিশেষ বাৰ্তা, ৮ অক্টোবৰ : আজি অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ উদ্যোগত আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সহযোগত চাৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত ‘অসমৰ জনগোষ্ঠীয় আধুনিক উপন্যাস’ শীৰ্ষক এখন আলোচনা-চক্ৰ অনুষ্ঠিত হয়। অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি, আদৰ্শ মাতৃৰ বঁটাৰে বিভূষিত তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা-চক্ৰৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মৃণালিনী দেৱীয়ে আৰু আলোচনা-চক্ৰৰ আদৰণী ভাষণ প্ৰদান কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি তথা চাৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰেখামণি বুঢ়াগোহাঁয়ে (দেৱী)। অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সচিবপ্ৰধান ড: প্ৰণতি তালুকদাৰে (মুদিয়াৰ) আঁত ধৰা আলোচনা-চক্ৰত মুখ্য আলোচক হিচাপে তিৱা সাহিত্য সভাৰ সম্পাদক তথা চাৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড: বিদ্যুৎ বিকাশ সেনাপতিয়ে অংশগ্ৰহণ কৰি ‘অসমৰ জনগোষ্ঠীয় আধুনিক উপন্যাস’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি কয় যে অসমীয়া সাহিত্যৰ উপন্যাসত লেখকসকলে অসমৰ জনগোষ্ঠীয় সমাজ জীৱনৰ পটভূমিতে উপন্যাস লিখি সমাদৰ লাভ কৰিছে। তেওঁ বক্তৃতা অনুষ্ঠানটিত ভাষণ প্ৰসংগত তিৱা জনগোষ্ঠীয় জনজীৱনৰ ওপৰত লিখা জোঙাল বলহু, ডিমাচা, কছাৰীসকলৰ জীৱনশৈলীৰ ওপৰত লিখা জনগোষ্ঠীয় উপন্যাসৰ বিষয়ে কয়।। আলোচনা-চক্ৰত সভাপতিৰ ভাষণত অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি তথা আদৰ্শ মাতৃগৰাকীয়ে ভাষণত কয়- সাহিত্য হৈছে মানুহৰ অন্তৰাত্মাৰ ভাব প্ৰকাশৰ এক উপযুক্ত মাধ্যম। যুগৰ পৰিৱৰ্তন আৰু বিজ্ঞানৰ উত্তৰায়নৰ বাবে সাহিত্য প্ৰকাশৰ ৰূপৰো আমূল পৰিৱৰ্তন হৈছে। প্ৰাচীন যুগত শিলত কটা সাত্বিক চিন্তাৰে মানুহে মনৰ ভাব প্ৰকাশ কৰিছিল বুলি কয়। ভাষণ প্ৰসংগত আধুনিক উপন্যাস বিশেষকৈ জনগোষ্ঠীয় বিষয়ক অতি তাকৰ। আৰু যিকেইখন আছে সেইকেইখনৰ সৰহসংখ্যকেই অসমীয়া ভাষাত লিখা, ৰজনীকান্ত বৰদলৈৰ প্ৰথমখন উপন্যাস ‘মিৰি জীয়ৰী’ যিখন মিচিং জনগোষ্ঠীৰ পটভূমিত সৃষ্টি হৈছে, এই অমৰ উপন্যাসখনে মিচিং সমাজক বুজিবৰ, জানিবৰ অনেক সমল দিছে। কাৰ্বি জনগোষ্ঠীৰ ৰংবং তেৰাং, যিগৰাকী স্বনামধন্য ব্যক্তিয়ে কাৰ্বি সমাজক লৈ ৰংমিলিৰ হাঁহি আদিকে ধৰি অনবদ্য উপন্যাস সৃষ্টি কৰিছে। ড: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসত স্বাধীনতা সংগ্ৰামৰ কাহিনী পোৱা যায়। বৰ্তমানে বড়ো ভাষাত উপন্যাস সৃষ্টি হ’বলৈ ধৰিছে। মিচিং, কাৰ্বি, ৰাভা, ডিমাচা, তিৱা আদি বিষয়ক লৈ উপন্যাস সৃষ্টি কৰাৰ অতীব প্ৰয়োজনীয় হৈছে বুলি কৈ ইয়াৰ ফলত বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি, আচৰণ, ধাৰণা আদিৰ মাজত ঐক্য বিচাৰি পোৱা যাব আৰু উঠি অহা পুৰুষে নিজৰ সংস্কৃতি সম্পৰ্কে জানিব পাৰিব বুলি কয়। আলোচনা-চক্ৰত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ আজীৱন সদস্য ৰমেন ভৰালী, ৰাজ্যিক সাংগঠনিক সচিব কৃষ্ণ আচাৰ্য, স্বপ্না কলিতা আদিও উপস্থিত আছিল। সভাত শলাগৰ শৰাই আগবঢ়ায় অখিল ভাৰতীয় সাহিত্য পৰিষদৰ যুটীয়া সচিব জ্যোতিষ বৰ্মনে।

You might also like