🔹 ‘যাৰ হৃদয়ত আত্মজ্ঞান নাই, তেওঁ কেতিয়াও মানুহ হ’ব নোৱাৰে’
নিয়মীয়া বার্তা, ১০ মার্চ : নগাঁও জিলাৰ কুঁজিদাহ হাতীচোঙৰ শ্রীশ্রী ধোপাবৰ সত্রত আজি অনুষ্ঠিত অসম লেখিকা সংস্থাৰ আই পদ্মপ্রিয়া বঁটা প্রদান অনুষ্ঠানত অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি মৃণালিনী দেৱীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে৷ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত লেখিকা সংস্থাৰ তিনিমহীয়া বিশেষ পৰিপূৰিকা ‘অৰ্ধআকাশ’ উন্মোচন কৰি মৃণালিনী দেৱীয়ে কয়– ‘লক্ষীস্বৰূপা নাৰীসকলক পুৰুষেই ৰক্ষণাবেক্ষণ দিব লাগিব৷ আজি নাৰী স্বাধীন হৈছে, নাৰীসকল বহু উচ্চলৈ গৈছে, কিন্তু নাৰী প্রকৃতার্থত ঘৰৰ গৃহিণী হ’ব পৰা নাই৷ ঘৰবোৰ নিস্তব্ধ হৈ পৰিছে৷ বাগদেৱী বীণাপাণিয়ে আমাক আত্মজ্ঞান দিছে৷ যাৰ হূদয়ত আত্মজ্ঞান নাই, তেওঁ কেতিয়াও মানুহ হ’ব নোৱাৰে৷’ তেওঁ কয়– আত্মাসমৃদ্ধ জ্ঞান আৰু গুণেৰে হূদয়ৰ পৰা ওলোৱা ভাব আৰু ভাষাৰেহে আচল সাহিত্যৰ সৃষ্টি হয়৷ সাহিত্যিক পেঞ্চন পাবৰ বাবে আমি কবিতা লিখোঁ, সাহিত্যিক পেঞ্চন পাবৰ বাবে কিতাপ লিখোঁ, সাহিত্যিক পেঞ্চন পাবৰ বাবে আমি ঘৰে ঘৰে ঘূৰি ফুৰোঁ বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি তেওঁ পুনৰ কয়– সেইবোৰ সাহিত্য হ’ব নোৱাৰে, সেয়া প্রকৃত সাহিত্য নহয়৷ আমি কোনো বিদ্বান পণ্ডিতৰ ওচৰত গৈ কিতাপৰ পাতনি লিখাৰ প্রয়োজন নাই৷ কোনো সাহিত্যিকৰ ওচৰলৈ পাতনি লিখিবলৈ যোৱাৰ প্রয়োজন নাই৷ তাৰ সলনি নিজৰ আত্মাক সোধা ৷ আত্মজ্ঞানেৰে যি মানুহে কর্মশক্তি নিৰূপণ কৰিব পাৰে, ভাল চিন্তা কৰিব পাৰে, হূদয়েৰে মানুহৰ মংগলার্থে কাম কৰিব পাৰে, সেয়াই সাহিত্য হৈ পাঠকৰ সমাদৰ লভে৷ সভা-সমিতি পতাৰ সলনি মানুহে আলোচনা-চক্র কিয় নাপাতে বুলি প্রশ্ন কৰি আই পদ্মপ্রিয়াৰ দৰে এগৰাকী মহান মহীয়সী নাৰী সমাজৰ বাবে অনুকৰণীয় আৰু প্রেৰণাময়ী বুলি তেওঁ মন্তব্য কৰে৷ শিল্পী কুসুম বৰুৱাই মাধৱদেৱ বিৰচিত বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানত সভাপতিত্ব কৰে লেখিকা সংস্থা, অসমৰ সভাপতি মৃদুলা শর্মাই৷ দিনৰ ১২.১৫ বজাৰ পৰা অনুষ্ঠিত গাম্ভীর্যপূর্ণ এই অনুষ্ঠানত বিশিষ্ট কবি, লেখক ড শৰৎ বৰকটকীয়ে মুখ্য অতিথিৰূপে অংশগ্রহণ কৰি অসম লেখিকা সংস্থাই সমাজ জীৱনৰ বাবে আগবঢ়াই অহা সেৱাই আশাৰ বাট দেখুওৱাৰ বিষয়ে উল্লেখ কৰে৷ ড০ বৰকটকীয়ে ভাষণ প্রসংগত ‘ডাক্তৰ আৰু ছিষ্টাৰ’ নামৰ কবিতাটি পাঠ কৰি উপস্থিত সকলোকে মুগ্ধ কৰে৷ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে যোগদান কৰি ভাৰতবর্ষত সতী আৰু পুৰুষতান্ত্রিক ব্যৱস্থা চলি থকা বুলি উল্লেখ কৰি অসমীয়া নাৰীসকল পৰম্পৰা অনুগত, মহীয়সী, মৃদুভাষিণী, সু–কোমল, নম্র, শ্রদ্ধাশীল, লাৱণ্যময়ী, আত্মত্যাগৰ মহিমাৰে ভাস্বৰ বুলি মন্তব্য কৰে৷ ডিমৰীয়া মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক মোহিনী মোহন ডেকাই অভ্যাগতসকলক উদ্দেশ্যি আদৰণী ভাষণ দিয়ে৷ লেখিকা সংস্থাৰ প্রধান সম্পাদক বিজয়া দেৱ দাসে আঁত ধৰা অনুষ্ঠানত আই পদ্মপ্রিয়া বঁটা গ্রহণ কৰি অভিভূত হৈ পৰা বিশিষ্ট লেখিকা গুণদা গোস্বামীয়ে লেখিকা সংস্থাই প্রদান কৰা এই প্রাপ্তিয়ে জীৱন ধন্য কৰা বুলি উচুপি উঠে৷ আই পদ্মপ্রিয়া বঁটাত ফুলাম গামোচা, অংগবস্ত্র, প্রশস্তি পত্র, জাপি, চেলেং আৰু নগদ পাঁচ হাজাৰ টকা আছে৷ অনুষ্ঠানত এই বঁটা দান কৰোঁতা অৱসৰপ্রাপ্ত প্রধান শিক্ষয়িত্রী অৰুণা বড়াই বৈষ্ণৱ যুগৰ প্রথমগৰাকী মহিলা কবি আই পদ্মপ্রিয়া সৰু কালৰে পৰাই ভক্তিপৰায়ণা আছিল বুলি উল্লেখ কৰাৰ লগতে আই পদ্মপ্রিয়াৰ জীৱন আধাৰিত এখন গ্রন্থ প্রণয়নৰ কামত ব্যস্ত হৈ থকা বুলি দোহাৰে৷ এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে যোগদান কৰি অধিবক্তা, সু–সাহিত্যিক বীণা শর্মাই আই পদ্মপ্রিয়া বঁটাপ্রাপক লেখিকা, নাট্যকাৰ গুণদা গোস্বামীৰ জীৱন সন্দর্ভত বিস্তাৰিতভাৱে বক্তব্য প্রদান কৰে৷ অনুষ্ঠানত সংস্থাৰ সহকাৰী সম্পাদকদ্বয় ত্রিবেণী মজুমদাৰ, ৰীণা ৰাণী শইকীয়া, মধ্য মণ্ডলৰ কার্যকৰী সভাপতি মামণি গগৈ বৰুৱা, নামনিৰ বৰদা শইকীয়া, যোৰহাট শাখাৰ সভাপতি, মঙলদৈ শাখাৰ সভাপতি, মধ্য গুৱাহাটী শাখাৰ সভাপতি আৰু সদস্যাবৃন্দ, হেঙেৰাবাৰী শাখাৰ সভাপতি আৰু সদস্যাসকল, নৰকাসুৰ শাখাৰ সভাপতি, উপদেষ্টা সদস্যাসকল, নগাঁও শাখা, আই পদ্মপ্রিয়া শাখা, কলংপাৰ শাখা, আইদেউ সন্দিকৈ শাখা, দিশপুৰ শাখাৰ পত্রিকা সম্পাদক বিন্দু ডেকা চৌধুৰী, সহযোগী উৎপলা বৰা, কাহিলিপাৰা শাখাকে ধৰি সংস্থাৰে জড়িত কেইবাটাও শাখাৰ বিষয়ববীয়া, সদস্যাসকল উপস্থিত থাকে ৷ অনুষ্ঠানত মীৰা দত্ত চৌধুৰী, ড০ ইভা হাজৰিকায়ো ভাষণ দিয়ে৷ অনুষ্ঠানৰ মাজতে আই পদ্মপ্রিয়া শাখাৰ সদস্যাসকলে পৰিৱেশন কৰা সমৱেত সংগীতৰ উপৰি নিবৃত্তি গায়নৰ আধুনিক গীত আৰু সোমেশ্বৰী বৰদলৈয়ে লোকগীত পৰিৱেশন কৰে৷
প্ৰেৰক প্ৰাঞ্জল বৰদলৈ