নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাংসত নিমখ বেছি হোৱাত নগৰবেৰাত পুত্ৰৰ হাতত প্ৰহৃত পিতৃ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ নগৰবেৰা থানাৰ অন্তৰ্গত নায়টৰ অদলা গাঁৱত কালি সন্ধিয়া সংঘটিত হয় এক জঘন্য কাণ্ড। অমূল্য দাস নামৰ প্ৰায় ৬০ বছৰীয়া লোকজনে বজাৰৰ পৰা পঞ্চাশ টকাৰ ১৫০ গ্ৰাম ব্ৰয়লাৰৰ মাংস নি পত্নীৰ অসুখৰ বাবে নিজেই ৰন্ধাত লাগিল।কিছুপৰৰ পাছতেই ৰঙৰ কাম কৰা পুত্ৰ তাপস দাস কামৰ পৰা ঘৰলৈ যায় আৰু পাকঘৰত সোমাই নিচাসক্ত অৱস্থাত মাংসৰ জুতি লৈয়েই নিমখ কিছু বেছি পায় আৰু গৰম মাংসৰ জোল পিতৃৰ গালৈ ছটিয়াই দিয়ে। তিমানতে ক্ষান্ত নহৈ ইটাৰ টুকুৰা পৰ্যন্ত দলিয়ায় গালৈ। ফলত ভৰিত বেয়াকৈ আঘাত পায় বৃদ্ধ পিতৃ অমূল্য দাসে। ভৰিৰ পৰা অতিমাত্ৰা ৰক্তক্ষৰণ ঘটাত অমূল্য দাস নামৰ লোকজনক নিশাৰ ভাগতেই নগৰবেৰা চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। ঘটনা সন্দৰ্ভত পিতৃ অমূল্য দাসে পুত্ৰ তাপস দাসৰ নামত নগৰবেৰা থানাত এজাহাৰো দাখিল কৰে। আনহাতে আৰক্ষীয়ে অভিযুক্ত তাপস দাসকো পিতৃৰ কাষলৈ লৈ গৈ আঘাতপ্ৰাপ্ত অমূল্য দাসৰ যাৱতীয় চিকিৎসাৰ দিহা কৰে। খটাসুৰ পুত্ৰৰ এনে জঘন্য কাণ্ডক লৈ তীব্ৰ চাঞ্চল্য বিয়পে অঞ্চলজুৰি।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like