নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুজিবুৰৰ কামনাৰ বলি মানসিক বিকাৰগ্ৰস্ত যুৱতী

🔹 অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ কাণ্ড

বিশেষ বাৰ্তা, ২৮ জুলাই : পুনৰ এক জঘন্য কাণ্ডই জোকাৰি গৈছে অসম চিকিৎসা মহাবিদ্যালয়ক। অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। শেহতীয়াকৈ এনে কাণ্ডৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা অনুসৰি, অসম চিকিৎসা মহাবিদ্যালয়তে নিৰ্যাতন চলায় এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক। চিকিৎসা মহাবিদ্যালয়খনত নিয়োজিত BDM Enterprise নামৰ এটা প্ৰতিষ্ঠানৰ অধীনত চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ কামনাৰ বলি হয় চিকিৎসা মহাবিদ্যালয়তে থকা মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকী।পাছত ঘটনাৰ সবিশেষ ফাদিল হোৱাত আৰক্ষীৰ জালত পৰে অভিযুক্ত মুজিবুৰ ৰহমান। ধৃত মুজিবুৰৰ ঘৰ হাজোত বুলি ডিব্ৰুগড় আৰক্ষীয়ে প্ৰকাশ কৰিছে। অসম চিকিৎসা মহাবিদ্যালয় তথা হাস্পতালত নিয়োজিত BDM নামৰ কোম্পানীটোৰ ছুপাৰভাইজৰ হিচাপে কৰ্মৰত আছিল ধৃত মুজিবুৰ। যোৱা ২৬ জুলাইৰ নিশা মুজিবুৰে মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকীক প্ৰলোভিত কৰি হাস্পতালৰ এক আছুতীয়া ঠাইত নিৰ্যাতন চলায়। এনে ঘৃণনীয় কাৰ্য সংঘটিত কৰি থকা অৱস্থাতে আন কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে। লগে লগে মেডিকেল চৌহদত এক হুলস্থূলীয়া পৰিস্থিতৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত মুজিবুৰে কাম কৰা প্ৰতিষ্ঠানটোৰ বিষয়াই ঘটনাৰ বিষয়ে আৰক্ষীত গোচৰ দিয়ে আৰু সেইমৰ্মে আৰক্ষীয়ে মুজিবুৰক গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড় সদৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ 64 (2) (k) 2023ৰ অধীনৰ 292/24 নম্বৰত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মুজিবুৰক। শুকুৰবাৰে নিশা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কেজুৱেলিটীতে মুজিবুৰৰ কামনাৰ বলি হৈছিল যুৱতীগৰাকী। উল্লেখ্য যে যুৱতীগৰাকীয়ে বিগত প্ৰায় ১৫ বছৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালতে ঘূৰি ফুৰিছিল। চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ লোকে খাদ্য আৰু চোৱাচিতা কৰি আহিছিল মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীগৰাকীক। যুৱতীগৰাকী হঠাৎ কামনাৰ বলি হোৱাত ৰাইজে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। ঘটনাটোৱে ডিব্ৰুগড়ত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like