নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাৰ খনামুখত মুকলি বিহু

নিয়মীয়া বাৰ্তা, ১৬ মে : শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী খনামুখত কালি খনামুখ ইয়ং ষ্টাৰ ক্লাবৰ উদ্যোগত আৰু বৃহত্তৰ খনামুখ ৰঙালী বিহু উদযাপন সমিতিৰ সহযোগত দ্বাদশ বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনিত বালিপৰা, খনামুখ, ৰঙাপৰা, তেজপুৰ ইত্যাদি বিভিন্ন ঠাইৰ বিহু প্ৰতিযোগী দলসমূহে অংশগ্ৰহণ কৰে। ঢোল, পেঁপা, গগনা, টকা, বিহুগীতৰ শব্দত মুখৰিত হৈ পৰে সমগ্ৰ খনামুখ অঞ্চলৰ পৰিৱেশ। অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰে। অনুষ্ঠানটোত আমন্ত্ৰিত নৃত্য দলসমূহে ক্ৰমে গোৰ্খা নৃত্য, মিচিং নৃত্য, বিহু নৃত্য, আদিও প্ৰদৰ্শন কৰে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like