ফ’ৰ্বচৰ ধনাঢ্যৰ তালিকাৰ শীর্ষত মুকেশ আম্বানি
বিশেষ বাৰ্তা, ১২ অক্টোবৰঃ গৌতম আদনিক চেৰাই ভাৰতৰ সবাতোকৈ ধনী ব্যক্তি হল ৰিলায়েন্সৰ স্বত্বাধিকাৰী উদ্যোগপতি মুকেশ আম্বানি৷ ফ’ৰ্বচৰ ১০০ ভাৰতীয় ধনাঢ্যৰ তালিকা ২০২৩ত শীর্ষস্থান লাভ কৰিছে মুকেশ আম্বানিয়ে৷ তালিকা অনুসৰি জি’ ফাইনেন্সিয়েল ছার্ভিচৰ উত্থানে উদ্যোগপতি আম্বানিৰ সম্পতিৰ পৰিমাণ বৃদ্ধি কৰে আৰু ৯২ বিলিয়ন মার্কিন ডলাৰেৰে শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ বিগত বর্ষত অভাৱনীয় উত্থানেৰে গৌতম আদানিয়ে শীর্ষস্থান লাভ কৰিছিল যদিও আদানি গ্রুপৰ অর্থনৈতিক কেলেংকাৰি হিণ্ডেনবার্গে প্রচাৰ কৰাৰ পাছতেই গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ দ্রুতগতিত হ্রাস পায়৷ ৮২ বিলিয়ন মানর্কন ডলাৰৰ পৰা গৌতম আদানিৰ সম্পত্তি ৬৮ মার্কিন ডলাৰলৈ হ্রাস পোৱাৰ বাবেই চলিত বর্ষৰ ফ’বচৰ তালিকাত দ্বিতীয় স্থান লাভ কৰে৷ আনপিনে ছফট্ৱেৰ টাইকুন শিৱ নাডাৰে বিগত বর্ষতকৈ দুটা স্থান আগুৱাই ২৯.৩ বিলিয়ন মার্কিন ডলাৰেৰে তৃতীয় স্থান লাভ কৰে৷ বিগত বর্ষৰ তুলনাত শিৱ নাডাৰৰ এইচিএল টেকন’লজি শ্বেয়াৰৰ মূল্য ৪২ শতাংশ বৃদ্ধি পোৱাৰ বাবে তেওঁৰ সম্পত্তিৰ পৰিমাণ বর্ধিত হয়৷ ২৪ বিলিয়ন মার্কিন ডলাৰেৰে অ’ পি জিন্দাল গ্রুপৰ সাবিত্রী জিন্দালে চতুর্থ স্থান লাভ কৰাৰ বিপৰীতে ৰাধাকৃষ্ণ দামানিয়ে ২৩ বিলিয়ন মার্কিন ডলাৰেৰে পঞ্চম স্থান লাভ কৰে৷ উল্লেখ্য যে ১০০ ভাৰতীয় ধনাঢ়্য ব্যক্তিৰ এই বছৰত সম্পত্তিৰ পৰিমাণ ৭৯৯ বিলিয়ন মার্কিন ডলাৰ৷ তাৎপর্যপূর্ণ যে ২০২৩ বর্ষৰ তালিকাত নতুনকৈ অন্তর্ভুক্ত হৈছে তিনিজন বিলিয়নাৰ৷ ৪.৮ বিলিয়ন মার্কিন ডলাৰেৰে ৪৪ স্থানত লেণ্ডমার্ক গ্রুপৰ অধ্যক্ষা ৰেণুকা জাগতিয়ানি৷ ৮ বিলিয়ন মার্কিন ডলাৰেৰে ২২সংখ্যক স্থানত এছিয়ান পেইণ্টৰ স্বত্বাধিকাৰী দানী পৰিয়াল৷ তৃতীয়জন হৈছে কে পি আৰ মিলৰ স্বত্বাধিকাৰী তথা বস্ত্র ৰপ্তানিকাৰী কে পি ৰামস্বামী৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ২.৩ বিলিয়ন মার্কিন ডলাৰ আৰু তালিকাত তেওঁৰ স্থান ১০০৷