নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ আন্দোলনৰ সময়ত কোনে আপোনালোকৰ কাষত থিয় দিছিল, বিজেপি নেতাই ক’লে

বাৰ্তা ব্যুৰো, বৰপেটা, ৪ মাৰ্চঃ পৌৰ সভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত হিন্দু বঙালী ভোটাৰক আকৰ্ষণ কৰিবলৈ এইবাৰ বিজেপি নেতাৰ মুখত ‘কা’ আন্দোলনৰ প্ৰসংগ ৷ বৰপেটাৰোড পৌৰ সভাৰ ৮ নং ৱাৰ্ডৰ প্ৰাৰ্থী বনজিৎ বৰ্মন আৰু ৯ নং ৱাৰ্ডৰ প্ৰাৰ্থী সুৰেশ কুমাৰ চৌধুৰীৰ হৈ কালি নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই বঙালী হিন্দু অধ্যুষিত ৱাৰ্ডটোত ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ ভাষণ প্ৰসংগত কয় যে, ‘কা’ আন্দোলনৰ সময়ত কোন মানুহ আপোনালোকৰ ওচৰত থিয় হৈছিল ৷ যদি থিয় দিছে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিয়ে থিয় দিছে ৷ হিন্দু বঙালী মানুহৰ পক্ষত সদায়ে ভাৰতীয় জনতা পাৰ্টিয়ে থিয় দি আহিছে ৷ আপোনালোকে ভাৰতীয় জনতা পাৰ্টীক আৰু অধিক শক্তিশালী কৰক৷ আপোনালোকৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে কাম কৰিব ৷ ভাষণ প্ৰসংগত তেওঁ  পুনৰ নিজৰ ল’ৰা আৰু সতীয়া ল’ৰাৰ প্ৰসংগ উত্থাপন কৰে ৷ অগপৰ নাম উল্লেখ নকৰাকৈ মিত্ৰদল অগপক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব গৰাকীয়ে কয় যে, আজি আমাৰ মাজত মিত্ৰ দলৰ মানুহ আহি কব আমিওটো চৰকাৰত আছো, কিন্তু এটা কথা মনত ৰাখিব নিজৰ ল’ৰাহে আচল ৷ সতীয়া লৰা নহয় ৷ আমি ৰাজ্যত একেলগে আছো সেইটো বাদ দিয়ক ৷ ইয়াত আমি আছো, আমাক শক্তিশালী কৰক ৷ ভাষণ প্ৰসংগত তেওঁ বৰপেটা আৰু বঙাইগাঁৱত বিজেপিয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰেই পৌৰসভা গঠন হ’ব বুলিও দাবী কৰে ৷ আনহাতে পৌৰ নিৰ্বাচনত জয়ী হৈ বিজেপিত যোগদানৰ বাবে আশাপালি থকা সকলৰ প্ৰতিও সকীয়নী প্ৰদান কৰে ৷  মন গ’লেই বিজেপি এৰিব, মন গ’লেই বিজেপিলৈ যোৱাৰ সুবিধা দিয়া নহ’ব বুলিও তেওঁ নিৰ্দলীয় প্ৰাৰ্থী সকলক সকীয়াই দিয়ে ৷
You might also like