নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰথম দিনটোতেই শিৱসাগৰৰ দুই ব্যক্তিয়ে একাংশ বিদ্যালয়লৈ নিজে সম্পাদনা একাংশ গ্ৰন্থ উপহাৰ দিয়া কাৰ্য্যক বৌদ্ধিক সমাজে আদৰণি জনায় ৷ এজনৰ নাম মুক্তাৱ হুছেইন আৰু আনজনৰ নাম নজিউল্লা হাজৰিকা। পেছাত শিক্ষক মুক্তাৱ হুছেইন ৷ সৃজনী শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা কালৰ সম্পাদক হুছেইন নিজেই এগৰাকী লেখকো ৷ বিপৰীতে নজিউল্লা হাজৰিকা এগৰাকী সক্ৰিয় সংবাদকৰ্মী ৷ জীৱন কালত দুই বন্ধুৱে সম্পাদনা কৰা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সম্পাদনা কৰা স্মৰণিকাসমুহ পহিলা জানুৱাৰীৰ দিনা অঞ্চলৰ মুঠ ৭ বিদ্যালয়ৰ পুথিভঁৰাললৈ প্ৰায় কুৰিখনকৈ গ্ৰন্থৰ টোপোলা প্ৰদান কৰিলে। উল্লেখৰ প্ৰয়োজন যে তেওঁলোক দুয়ো ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱকসকল উপকৃত হব পৰাকৈ অসমৰ প্ৰতিষ্ঠিত লেখক-সাহিত্যিকৰ কাপেৰে নিগৰা অন্যান্য বিষয়ৰ লগতে বিশেষত শৈক্ষিক দিশত লিখা তত্বগধূৰ লিখনিৰ প্ৰৱন্ধসমূহ থকা সম্পাদিত গ্ৰন্থসমূহ নিৰ্বাচিত কৰি কুৰিখনকৈ গ্ৰন্থ প্ৰদান কৰে উক্ত সাতখন বিদ্যালয়ক৷ দুয়োগৰাকীৰ নিজা কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ মাজতো বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হোৱাৰ সুবাদতে সম্পাদনা কৰা অধিকাংশ গ্ৰন্থ তেওঁলোকে এককভাৱে সম্পাদনা কৰাৰ লগতে বহুকেইখন গ্ৰন্থ তেওঁলোকে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সতেও যুটীয়াভাৱে সম্পাদনা কৰা বহুকেইখন গ্ৰন্থও আজি বিদ্যালয়সমূহত প্ৰদান কৰে।
প্ৰেৰক আশ্ৰফুৰ ৰহমান