নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হত্যা-হিংসা কংগ্ৰেছৰ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ চামগুৰিত আজি অন্তিম নিৰ্বাচনী প্ৰচাৰত নামিল মন্ত্ৰী বিমল বৰা৷ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কেবাটাও বিস্ফোৰক মন্তব্য কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে৷ হত্যা-হিংসা হৈছে কংগ্ৰেছৰ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ আৰু সেই হত্যা-হিংসাত ৰকিবুল হুছেইনৰ নাম জড়িত থাকিবই৷ ৰকিবুল হুছেইনে যোৱা দিনবিলাকত চামগুৰিত হত্যা-হিংসাৰে মানুহক বিভ্ৰান্তি কৰি আহিছে৷ ৰকিবুলে এইবিলাকৰ জড়িয়তে অকল ভোট আদায় কৰিছে৷ ৰকিবুলৰ হত্যা-হিংসাৰ উদ্দেশ্য হল যে কেনেকৈ মানুহক ভয় ভাবুকিৰে কংগ্ৰেছৰ পক্ষত ভোট আদায় কৰা৷ চামগুৰিত কংগ্ৰেছৰ বাবে অন্য দলত ভোট দিলে ৰকিবুল হুছেইনে অত্যাচাৰ চলাইছিল সেই পৰিয়ালসমূহৰ ওপৰত৷ কংগ্ৰেছক ভোট নিদিয়া মানুহৰ ঘৰৰ পৰা টিনপাত খুলি নিছিল, দম কল উঠাই নিছিল, ৰান্ধনি ঘৰৰ চৰু ভগৰাই দিছিল, পথাৰৰ পৰা ধান কাটি নিছিল৷ এই পৰিয়ালসমূহৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলকো বাটত অত্যাচাৰ কৰিছিল৷ কিন্তু চামগুৰিত বৰ্তমান সেইদিন আৰু নাই৷ যাৰ কাৰনে নিৰ্বাচনী বিষয়ালৈ কংগ্ৰেছে পত্ৰ লিখি দাগী অপৰাধী ইজাজুল হক, আৰাফত আলীক মুকলি কৰি দিবলৈ৷ কিন্তু চামগুৰিবাসী ৰাইজে এতিয়া বুজি পাইছে যে অহা ডেৰ বছৰৰ কাৰনে কংগ্ৰেছৰ এজন ৰাজনৈতিক অভিজ্ঞতা সৰু লৰাক ভোট দিয়াতকৈ চৰকাৰৰ এজন জনপ্ৰতিনিধিক ভোট দিলেহে সমষ্টিটোৰ উন্নয়ন হব৷ এই ক্ষেত্ৰত চামগুৰিৰ সংখ্যালঘু ৰাইজ যথেষ্ট সচেতন হৈছে৷ সংখ্যালঘু এলেকাত প্ৰচাৰ চলাই ৰাইজৰ লগত মত বিনিময় কৰি গম পালো যে সচাকৈ সংখ্যালঘু ৰাইজেও উন্নয়ন বিছাৰিছে৷ ২০১৪ চনৰ পৰাই নৰেন্দ্ৰ মোদী চৰকাৰে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিৰ ওপৰত কাম কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ চামগুৰিত সাংবাদিকৰ ওপৰত আক্ৰমন কৰা ঘটনা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে যুদ্ধ ক্ষেত্ৰতো সাংবাদিকৰ কাৰনে পথ মুকলি কৰি দিয়ে কিন্ত চামগুৰিত ৰকিবুলৰ সন্মূখতে সাংবাদিকক আক্ৰমন কৰিছে৷ ইয়াৰ কাৰন হল যে সেইবিলাক অঞ্চলত যাতে সাংবাদিক সোমাব নোৱাৰে আৰু সেই ঠাইসমূহত ৯৯ শতাংশ ভোট যাতে কংগ্ৰেছৰ পক্ষত যায় তাৰ এটা পন্থা অৱলম্ভন কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
প্ৰেৰক জহিৰুল ইছলাম
You might also like