নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ অকল সম্পত্তিকেন্দ্রিক বিবাদেই নহয়, অন্য যুৱকৰ সৈতে থকা সম্পর্কও কাল হৈ পৰিছিল দাঁতালপাৰাৰ চালেহা বেগমৰ বাবে৷ গোৱালপাৰাৰ পঞ্চৰত্নত স্বামী খাইৰুল ইছলামৰ নৃশংসতাৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা চালেহা বেগমৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ সম্প্রতি উত্থাপন কৰিছে খোদ স্বামী খাইৰুল ইছলামে৷ উল্লেখ্য যে ২২ মার্চৰ নিশা গোৱালপাৰাৰ পঞ্চৰত্নৰ হুৰাৰটেকৰ এক নির্জন এলেকাত নিজৰ গাড়ীৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল চালেহা বেগমক৷ প্রথম অৱস্থাত মৃত চালেহাৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত সম্পত্তিকেন্দ্রিক বিবাদেই এই হত্যাকাণ্ডৰ অন্যতম কাৰণ বুলি ধাৰণা কৰা হৈছিল যদিও শেহতীয়াকৈ আৰক্ষীৰ জেৰাত হত্যাকাৰী খাইৰুল ইছলামে দিয়া বিস্ফোৰক স্বীকাৰোক্তিয়ে ঘটনাটোক অন্য দিশলৈ গতি কৰাইছে৷ সম্প্রতি ফটাশিল আমবাৰী আৰক্ষীৰ জিম্মাত থকা হত্যাকাৰী খাইৰুল ইছলামে সম্পত্তিৰ বাবে নহয়, পৰপুৰুষৰে সম্পর্ক ৰখাৰ বাবেই নৃশংসভাৱে পত্নীক হত্যা কৰা বুলি স্বীকাৰোক্তি দিছে৷
নগৰবেৰাত জঘন্য কাণ্ড, প্ৰেমিকাক অন্তঃসত্ত্বা কৰি আৰক্ষীৰ জালত প্ৰেমিক
অকল স্বীকাৰোক্তি দিয়াই নহয়, পৰপুৰুষৰ সৈতে পত্নী চালেহা বেগমৰ অন্তৰংগ মুহূর্তৰ ফটো তথা ভিডিঅ’ ৰেকর্ডিঙো আৰক্ষীৰ আগত দাখিল কৰে৷ আৰক্ষী সূত্রই জানিবলৈ দিয়া মতে, ভাৰতীয় সেনাত কর্মৰত খাইৰুল ইছলামে দ্বিতীয় পত্নী চালেহা বেগমক নিজৰ টকাৰে গুৱাহাটী মহানগৰীত তিনিখনকৈ বিউটী পার্লাৰ খুলি দিছিল৷ পার্লাৰৰ উপার্জনৰ টকাৰে দাঁতালপাৰাত থকা মাটিত ঘৰ সাজিছিল চালেহা বেগমে৷ কিন্তু উক্ত ঘৰতেই দীর্ঘদিন ধৰি পৰপুৰুষৰে সম্পর্ক বজাই ৰাখিছিল চালেহা বেগমে৷ প্রথম অৱস্থাত খাইৰুল ইছলামে পত্নীৰ চাল–চলনক লৈ সন্দেহ কৰিছিল যদিও এসময়ত তথ্য–প্রমাণসহ পত্নীৰ প্রতাৰণাৰ সকলো খবৰ লাভ কৰিছিল খাইৰুলে৷ এই সম্পর্কৰ কথাক লৈ প্রায়ে চালেহা আৰু খাইৰুলৰ মাজত কাজিয়া হৈছিল৷ খাইৰুলৰ মতে তেওঁৰ উপার্জনৰ টকাৰে স্বাৱলম্বী হোৱা চালেহাই প্রতাৰণা কৰি আন যুৱকৰ লগত সম্পর্ক কিয় গঢ়িব? সেইবাবেই গাড়ী, ঘৰ–মাটিসহ সকলো সম্পত্তি তেওঁৰ নামত কৰি দিবলৈ চালেহাক হেঁচা প্রয়োগ কৰিছিল খাইৰুল ইছলামে৷ কিন্তু বিলাসী জীৱন যাপন কৰা চালেহা বেগমৰ বাবে এই কাম সম্ভৱ নাছিল৷ সেইবাবে যোৱা ২২ মার্চৰ নিশা দুয়োৰে মাজত ভয়ংকৰ কাজিয়া লাগিছিল৷ পত্নীৰ প্রতাৰণাই ইতিমধ্যে ধৈর্যৰ বান্ধ ছিঙি পেলাইছিল খাইৰুল ইছলামৰ৷ যাৰ বাবে গুৱাহাটীৰ পৰা গোৱালপাৰালৈ যোৱা বাটতে তর্ক–বিতর্কৰ মাজেৰে এসময়ত চালেহা বেগমক ডিঙিত গামোচাৰে মেৰিয়াই ধৰিছিল খাইৰুল ইছলামে৷ বর্তমানেও ফটাশিল আমবাৰী আৰক্ষীৰ জিম্মাত থকা খাইৰুল ইছলাম আৰু তেওঁৰ দুই সহযোগী ক্রমে ইনজামুল হক আৰু জাহান আলীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ কালি গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা হত্যাত ব্যৱহূত গামোচাখন আৰক্ষীয়ে উদ্ধাৰ কৰিছে যদিও এতিয়ালৈকে উদ্ধাৰ হোৱা নাই চালেহা বেগমৰ হেৰুওৱা ম’বাইলটো৷ হত্যাকাৰী খাইৰুল ইছলামে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে, হত্যাৰ পাছতে ম’বাইলটো ব্রহ্মপুত্রত দলিয়াই দিছিল৷ যি কি নহওক, সম্পত্তিকেন্দ্রিক বিবাদৰ মাজতে পৰকীয়া সম্পর্কও এই হত্যাকাণ্ডৰ অন্যতম কাৰণ হিচাপে চিহ্ণিত হৈ পৰিছে৷