নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসেৱাত উজলিল মানকাচৰৰ মুছতাক আলী আহমেদ

নিয়মীয়া বাৰ্তা, ২৯ মে’ : অসম লোকসেৱা আয়োগৰ অভিযান্ত্ৰিক সেৱাৰ কালি ঘোষিত  ফলাফলত মানকাচৰৰ শিয়ালটাৰী গাঁৱৰ মুছতাক আলী আহমেদে ১৬তম স্থান লাভ কৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলা তথা মানকাচৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।মানকাচৰৰ শিয়ালটাৰী গাঁও নিৱাসী তথা মেঘালয় আৰক্ষী বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক আব্দুল বাতেন আৰু মমতাজ বেগমৰ জ্যেষ্ঠ পুত্ৰ মুছতাক আলী আহমেদৰ এনে সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ আৰু পৰিয়ালবৰ্গ । সৰুৰে পৰা অতি মেধাৱী মুছতাক আলী আহমেদে মানকাচৰৰ গ্ৰীনভেলী ইংলিছ স্কুলৰ পৰা সুখ্যাতিৰে প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পিছত মানকাচৰ জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুবছৰীয়া শিক্ষা গ্ৰহণ কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পিছলৈ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা তিনি বছৰীয়া অভিযান্ত্ৰিক ডিপ্লমা শিক্ষাগ্ৰহণ কৰিছিল। অসম চৰকাৰে ২০২৩ বৰ্ষত নিযুক্তি দিয়া তৃতীয় বৰ্গৰ সহায়ক পদত নিযুক্তি লাভ কৰি বৰ্তমান গুৱাহাটী সচিবালয়ত কৰ্মৰত হৈ আছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like