ঘৰে ঘৰে নামাজ পঢ়ি পৱিত্র ঈদ উদযাপন
নিয়মীয়া বাৰ্তা, ২ আগষ্ট: সমগ্র দেশৰ লগতে ৰাজ্যতো শনিবাৰে উদযাপন কৰা হয় পৱিত্র ঈদ–উজ–জোহা৷ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা সামগ্রিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰৰ ঈদ–উজ–জোহা উদ্যাপিত হয়৷ ক’ৰোনাৰ বাবে মছজিদ আৰু ঈদগাহসমূহত সমূহীয়া নামাজ পঢ়াৰ পৰা বিৰত থাকে ইছলাম ধর্মাৱলম্বী লোকসকল৷ ইয়াৰ পৰিৱর্তে ঘৰৰ পৰাই ঈদৰ নামাজ পঢ়ি নেদেখাজনৰ ওচৰত বিশ্বশান্তিৰ হকে প্রার্থনা কৰে ইছলাম ধর্মাৱলম্বী লোকসকলে৷
বিগত বর্ষসমূহৰ দৰে এইবাৰ ঈদ–উজ–জোহাত দেখা নগ’ল উছাহ৷ প্রতিবছৰে ঈদগাহ আৰু মছজিদত সমূহীয়া নামাজ আদায় কৰাৰ পিছত ইজনে–সিজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে৷ কিন্তু এইবাৰ তেনে পৰিৱেশ দেখা নগ’ল ৰাজ্যত৷ প্রশাসনে বান্ধি দিয়া নিয়ম অনুসৰি মছজিদ আৰু ঈদগাহসমূহত পাঁচজন লোকে সমূহীয়া নামাজত অংশ লয়৷ নামাজৰ সময়ত মাস্ক পৰিধান কৰাৰ লগতে যাৱতীয় স্বাস্থ্য বিধি অনুসৰণ কৰা হয়৷
গুৱাহাটীত বুঢ়া মছজিদৰ কর্তৃপক্ষই সদৰী কৰা অনুসৰি পাঁচজন ব্যক্তি সমাগত হৈ সমূহীয়া নামাজৰ সময়ত সকলো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰা হয়৷ নামাজ আদায় কৰাৰ পূর্বে আৰু পিছত মছজিদ চৌহদ ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে সংশ্লিষ্ট কর্তৃপক্ষই৷