নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৭৩ বছৰত ২৮ শতাংশ বৃদ্ধি মুছলিম জনসংখ্যা : ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুলাইঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ পৰিৱৰ্তিত ‘জনগাঁথনি’ক লৈ এক ডাঙৰ বক্তব্য প্ৰদান কৰে। ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে অসমত মুছলমান জনসংখ্যা ৪০ শতাংশ হৈছেগৈ। ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত এখন বৈঠকৰ সময়ত তেওঁ এই বক্তব্য প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মা ঝাৰখণ্ডত বিজেপিৰ সহঃ ভাৰপ্ৰাপ্তৰ দায়িত্বত আছে। ড০ শৰ্মাই কয়, “অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন মোৰ বাবে এটা ডাঙৰ বিষয়। আজি অসমত মুছলমান জনসংখ্যা ৪০ শতাংশ হ’ল। ১৯৫১ চনত এই জনসংখ্যা ১২ শতাংশ আছিল। এই সময়ছোৱাত আমিও বহুত হেৰুৱালোঁ। এয়া কেৱল ৰাজনৈতিক সমস্যা নহয়। এয়া মোৰ বাবে জীৱন মৰণৰ প্ৰশ্ন। কোনো ধৰ্মৰ নাম নোলোৱাকৈয়ে ড০ শৰ্মাই কয় যে মই এইটো কোৱা নাই যে কোনো অপৰাধ কোনো বিশেষ ধৰ্মই সংঘটিত কৰে, কিন্তু শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা ঘটনাবোৰ চিন্তাৰ বিষয়। ইয়াৰ পূৰ্বে ২৩ জুনত ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে বাংলাদেশী সংখ্যালঘু সম্প্ৰদায়ৰ লোকে লোকসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিছিল। এই লোকসকলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰসমূহৰ উন্নয়নমূলক কাম-কাজক আওকাণ কৰি ভোটদান কৰে। তেওঁ লগতে দাবী কৰিছিল যে বাংলাদেশী মূলৰ সংখ্যালঘুসকলেই হৈছে ৰাজ্যখনৰ সাম্প্ৰদায়িকতাবাদৰ সৈতে জড়িত একমাত্ৰ সম্প্ৰদায়। অসমত লোকসভা নিৰ্বাচনত বিজেপিয়ে ১৪খন আসনৰ ভিতৰত ১১খন আসন মিত্ৰজোঁটে লাভ কৰাৰ বিপৰীতে ৩খন আসন কংগ্ৰেছলৈ যায়। ঝাৰখণ্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে লোকসভা নিৰ্বাচনত দলটোৱে ৰাজ্যখনত অতি উত্তম প্ৰদৰ্শন আগবঢ়াইছে, যিটোৱে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঝাৰখণ্ডত বিজয় সাব্যস্ত কৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিজয় সন্দৰ্ভত জনসাধাৰণ আৰু দলীয় কৰ্মীসকলৰ ওপৰত আস্থা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে যেতিয়া ডাবল ইঞ্জিন চৰকাৰ হ’ব তেতিয়া ৰাজ্যৰ উন্নয়নৰ গতিও দুগুণ হ’ব।

You might also like