নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অপৰাধত এক নম্বৰত মুছলমান’- আজমলৰ বিস্ফোৰণ

🔹 ‘মুছলমান যুৱকৰ বাবে বাটেৰে আনৰ ছোৱালী যাব নোৱাৰে, আনৰ ছোৱালী দেখিলেই মুছলমান যুৱকৰ ‘খুন’ গৰম হয়’

ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ অক্টোবৰ : অপৰাধৰ ক্ষেত্রত এক নম্বৰত আছে মুছলমানসকল৷ চুৰি, ডকাইতি, লুটপাত, বলাৎকাৰ, ঠগ–প্রৱঞ্চনা সকলোতে এক নম্বৰত আছে মুছলমানসকল৷ জে’ললৈ যোৱাৰ ক্ষেত্রতো এক নম্বৰত আছে মুছলমানসকল৷- এই বিস্ফোৰক মন্তব্য এআইইউডিএফৰ সভাপতি তথা ধুবুৰী লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলৰ৷ শাৰদীয় দুর্গোৎসৱৰ সময়তে আজি এই বিস্ফোৰক মন্তব্য কৰি আজমলে কয় যে মুছলমান সম্প্রদায়ৰ ল’ৰা–ছোৱালীৰ শৈক্ষিক প্রতিষ্ঠানলৈ যোৱাৰ সময় নাই৷ কিন্তু জুৱা খেলৰ বাবে সময় আছে৷ এটা সময়ত শিক্ষাৰ ক্ষেত্রত মুছলমানসকল পৃথিৱীৰ ভিতৰতে এক নম্বৰত আছিল৷ আজি সেই দিন নাই৷ যি সময়ত মানুহ চন্দ্রলৈ গৈ আছে, সূর্যলৈ গৈ আছে, সেই সময়ত মুছলমানসকল জে’ললৈ গৈ আছে৷ আৰক্ষী থানাসমূহলৈ গ’লে দেখিব আটাইতকৈ বেছি লোক মুছলমান৷ এয়া বৰ দুখৰ কথা৷ আজমলে আৰু কয় যে মুছলমান যুৱকৰ বাবে ৰাস্তাৰে আনৰ ছোৱালী যাব নোৱাৰে৷ অন্য মানুহৰ ছোৱালী দেখিলে মুছলমান যুৱকৰ ‘খুন’ একদম গৰম হৈ যায়৷ তোমালোকৰ ঘৰত মা–ভনী নাই নেকি বুলি মুছলমান যুৱকসকলক প্রশ্ন কৰি আজমলে কয় যে ইছলামে এই শিক্ষা দিয়া নাই৷ এনেধৰণৰ অপৰাধমূলক কার্যকলাপৰ পৰা মুছলমানসকলক আঁতৰি অহাৰ আহ্বান জনাই আজমলে কয় যে উন্নতিৰ বাবে এটাই পথ আছে, সেয়া হৈছে শিক্ষা৷ প্রত্যেকেই শিক্ষাক গুৰুত্ব দিব লাগিব৷ বর্তমান মুছলমানৰ শিক্ষাৰ হাৰ আটাইতকৈ কম৷ মুছলমানসকল আন জাতিতকৈ আটাইতকৈ পিছপৰা৷ এই প্রসংগতে আজমলে পুনৰ আন এক বিতর্কিত মন্তব্য কৰি কয় যে কলেজ হৈছে প্রেম কৰাৰ ঠাই৷ কিন্তু পেট আৰু জেপ যদি খালী হৈ থাকে, প্রেমো ভাল নালাগে৷

You might also like