নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্প্ৰীতিৰ নিদৰ্শন : শিৱসাগৰত হিন্দু লোকক সৎকাৰ ইছলাম ধৰ্মাৱলম্বীৰ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ মোৰ মনত ভেদ ভাৱ নাই অ আল্লা, হিন্দু কি মুছলমান, একে আল্লাৰ ফৰমান, শীৰ্ষক আজানপীৰ চাহেবৰ অমৰ সৃষ্টি ঐক্য সংহতিৰ মাহাত্ম্য নিহিত জিকিৰ ফাকিয়ে আজি আকৌ এবাৰ মানৱ সমাজক ওন্দোলিত কৰি তুলিলে৷ কেৱল উপাসনা পদ্ধতিয়ে ধৰ্মীয় ক্ষেত্ৰত নিদিষ্ট সময় খিনিত আমাক পৃথক কৰি ৰাখিলেও বাকী সময় খিনিত সকলোৱে যে একোডাল মানৱতাৰ জৰীৰে বান্ধ খাই আছে সেইয়া আজি আকৌ এবাৰ প্ৰমাণিত হল শিৱসাগৰত৷ একমাত্ৰ ৰাজনৈতিক উত্তৰণৰ স্বাৰ্থত স্বাৰ্থান্বেষী মহলে বিয়পাই দিয়া ক্ষন্তেকীয়া অবিশ্বাস আৰু ঘৃণাই যে অসমৰ সাতামপুৰুষীয়া ঐক্য সংহতি কোনো কাৰণতেই যে বিনষ্ট কৰিব নোৱাৰে সেইয়া মিনাৰাম কোচৰ মৃত্যুৱে দেখুৱাই থৈ গল ৷ পৱিত্ৰ গান্ধী জয়ন্তীৰ দিনাই শিৱসাগৰত পৰিলক্ষিত হোৱা সম্প্ৰীতিৰ উজ্জল নিৰ্দৰ্শনৰ বতৰা বিয়পি পৰিল সাত- সাগৰ তেৰ নদীৰ সিপাৰলৈ ৷ মৃত্যু যদিও স্বাভাৱিক এক প্ৰক্ৰিয়া তথাপিও কোনোবা নিঃকিন সাধাৰণ জনৰ স্বাভাৱীক মৃত্যুৱেও বহু জনৰ বাবে ভৱিষ্যতৰ দিনৰ এক সদ্ভাৱনাৰ পথ মুকলি কৰি থৈ যায় ৷ তেনে এগৰাকী সাধাৰণ- অপৰিচিত ব্যক্তিৰ নামেই হৈছে মিনাৰাম কোচ৷ সুদুৰ লক্ষ্মীমপুৰ জিলাৰ নিবাসী মিনাৰাম কোচ বিগত ২৬ বছৰ ধৰি শিৱসাগৰ জেঙনিকটীয়া বনীয়াবাৰীৰ নাজিৰ আহমেদৰ ঘৰৰ ভাড়াতীয়া আছিল৷ পেচাত দিন হাজিৰা কৰা শ্ৰমিক৷ লগত থাকে পত্নী ৷ কামলৈ নগলে আখলত নজ্বলে জুই ৷চাৰিও কাষে থকা খিলঞ্জীয়া ইছলামধৰ্মী ৰাইজৰ বাবে মিনাৰাম কোঁচ আছিল বুকুৰ কুটুম৷ আজিৰ পৰা তিনি মাহৰ পুৰ্বে হাও ফাওৰ সংক্ৰমনত আক্ৰান্ত হোৱা মিনাৰামক জেঙনিকটীয়া জামাতৰ যুৱক সকলে সংগ্ৰহ কৰা অৰ্থ সাহাৰ্য্যৰে চিকিৎসা কৰাই আনিছিল। শেহতীয়াকৈ আজি পুৱা ৬ বজাত হৰ্ঠাত ভাড়া ঘৰতেই শেষ নিশ্বাস ত্যাগ কৰে মিনাৰামে ৷বনজুইৰ দৰে মিনাৰামৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই উবুৰি খাই পৰিল ৰাইজ ৷পত্নীয়ে কলে শেষ কৃৰ্ত্যৰ দায়িত্ব ৰাইজক লবলৈ ৷লগে লগেই স্থানীয় যুৱক সকলে থানামুখ শান্তিবন স্মশানৰ সৈতে যোগাযোগ কৰিলে ৷চাৰি গৰাকী গণ্য মান্য হিন্দু সম্প্ৰদায়ৰ ব্যক্তিয়ে ধৰ্মীয় ৰীতি-নীতি সম্পাদন কৰাৰ পিছতেই ৰাইজে নিৰ্মাণ কৰা জাতি বাহৰ সাঙীত ইছলাম ধৰ্মী ৰাইজে কান্ধত তুলি লৈ গল থানামুখৰ শান্তিবন স্মশানলৈ৷ হিন্দু ধৰ্মৰ সকলো নীতি নিয়মৰ মাজেৰে স্মশান সমিতিৰ চণ্ডালৰ সহযোগত শান্তিবন স্মশানৰ পৰা অজান্তি মূলুকলৈ গুচি গল জেঙনিকটীয়া বাসীৰ বুকুৰ কুটুম মিনাৰাম৷ ৰাইজে কোনো কাৰণতেই অকলশৰীয়া হবলৈ নিদি দুৰ্ভগীয়া মিনাৰাম কোঁচৰ পত্নীৰ কাষত সাহসেৰে ঠিয় দি তিলানী আৰু সকামৰ সকলো যাৱতীয় কাম সম্পাদনৰ বাবে অৰ্থ যোগান ধৰাৰ লগতে সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদাণ কৰিছে৷ স্বাভাৱিকতেই মিনাৰাম কোচৰ স্বাভাৱিক মৃত্যু যদিও এক সাধাৰণ খবৰ তথাপি মৃত্যুৰ পিছৰ সময় চোৱাত ভেদাভেদৰ প্ৰাচীৰ ভাঙি মানৱতাৰ জয়গানেৰে শিৱসাগৰৰ বৃহত্বৰ জেঙনিকটীয়াবাসীয়ে মিনাৰামৰ প্ৰতি দেখুওৱা শ্ৰদ্ধাত প্ৰতিবিম্বিত হল সম্প্ৰীতি-উদাৰতা সংহতিৰ এখন নতুন ছবি৷ যিখন ছবি অনাদি অনন্ত কাললৈ দুৰ্ভগীয়াজনৰ বাবে হব সাহস আৰু প্ৰেৰণা ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like