নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শতক নহয়, মোৰ লক্ষ্য বিশ্বকাপৰ ট্ৰফী : ৰোহিত

বিশেষ বাৰ্তা, ২৬ চেপ্টেম্বৰঃ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ বাবে বেটছমেন হিচাপে বিশ্বকাপ ২০১৯ উৎকৃষ্ট আছিল। কিন্তু ভাৰতীয় দলটোৱে বিশ্বকাপ জয় কৰিবলৈ ব্যৰ্থ হয়। ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতীয় দলটোৱে। ২০১৯ চনৰ বিশ্বকাপত ৰোহিত শৰ্মাই ৫টা শতক অৰ্জন কৰিছিল। য’ত একেৰাহে ৩খন মেচত ৩টা শতক আহিছিল। দক্ষিণ আফ্ৰিকা, পাকিস্তান, ইংলেণ্ড, বাংলাদেশ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল ৰোহিত শৰ্মাই। লগতে ৰোহিত শৰ্মাই বিশ্বকাপত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িছিল। ইয়াৰ পূৰ্বে বিশ্বকাপত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ আছিল শ্ৰীলংকাৰ কিংবদন্তি বেটছমেন কুমাৰ ছাংগাকাৰাৰ নামত। ২০১৫ চনৰ বিশ্বকাপত কুমাৰ ছাংগাকাৰাই ৪ বাৰকৈ শতক অতিক্ৰম কৰিছিল। ক্ৰীড়া সাংবাদিক বিমল কুমাৰৰ প্ৰশ্নত ৰোহিত শৰ্মাই কয় যে কোনে কিমান শতক অৰ্জন কৰিলে তাক লৈ মই বৰ চিন্তিত নহয়? মোৰ মনোযোগ কেৱল ভাৰতীয় দলটোৱে বিশ্বকাপ জয় কৰা কথাটোতহে থাকে। তেওঁ কয় যে বিশ্বকাপ ২০১৯ মোৰ বাবে সঁচাকৈয়ে ভাল আছিল। সেই বছৰ মোৰ প্ৰস্তুতি ভাল আছিল… অৱশ্যে এইবাৰো মোৰ প্ৰস্তুতিত কোনো কাৰণতে কম নহয়। কিন্তু মই ক’ব বিচাৰিছো যে সেয়া আছিল ২০১৯ চন, এতিয়া ২০২৩ চন। ৰোহিত শৰ্মাই কয় যে মই ২০১৯ চনৰ বিশ্বকাপত ৫টা শতক অৰ্জন কৰিছিলো, কিন্তু ইয়াৰ পিছতো দলটোৱে চেম্পিয়ন হ’ব পৰা নাছিল। কোনে কিমান শতক অৰ্জন কৰিছে সেয়া মোৰ বাবে কোনো কথা নহয়। মই বিচাৰিম যে মই শতক অৰ্জন কৰিব নোৱাৰিলেও দলটোৱে নিশ্চিতভাৱে জয়ী হ’ব লাগে। মই বিশ্বকাপ জয় কৰিব বিচাৰো।

You might also like