আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল মিচিং ছুটি ছবি ‘মাই লাইফ’
নিয়মীয়া বাৰ্তা, ২১ জুনঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিল অসমৰ এখন ছুটি ছবি৷ প্ৰথমবাৰৰ বাবে অসমৰ থলুৱা জীৱন যাপনৰ ওপৰত ভিত্তি কৰি ইংৰাজী ভাষাত নিৰ্মিত এখন ছুটী ছৱিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷
থলুৱা জনজীৱনৰ ওপৰত নিৰ্মিত ‘মাই লাইফ’ নামৰ মিচিং জনগোষ্ঠীৰ চৰিত্ৰৰ ছুটি ছবিখনে শ্ৰেষ্ঠ ছুটি ছবিৰ সন্মান লাভ কৰিছে৷ নিঃসন্তান দম্পত্তিৰ হতাশাগ্ৰস্থ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ১৪ মিনিটৰ ছুটি ছৱিখন৷ পুমি ডিজিটেল বেনাৰত নিৰ্মিত ছুটি ছৱিখন যোৱা ৫ জুনত আনুষ্ঠানিকভাৱে মুক্তি দিয়া হৈছিল৷ মুক্তিৰ পিছতে আমেৰিকান গল্ডেন পিকচাৰ্ছে ‘আউটষ্টেণ্ডিং এচিভমেন্ট এৱাৰ্ড’ আৰু ‘বেষ্ট ছৰ্ট ফিল্ম-২০২০’ৰ বাবে মনোনীত কৰিছে৷
বিশিষ্ট অনাতাঁৰ শিল্পী, ছুটি ছবিৰ নিৰ্দেশক তথা ডিব্ৰুগড় নতুন নিৰ্মালী গাঁৱৰ কুহিয়াৰবাৰীৰ গজেন পাংগিঙৰ পৰিচালনাৰে নিৰ্মাণ কৰা ‘মাই লাইফ’ নামৰ ছুটি ছৱিখনক টেগৰ ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেললৈ মনোনীত কৰাত অসমৰ ছৱি জগতলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷ প্ৰথম বাৰৰ বাবে মিচিং জনগোষ্ঠীয় চৰিত্ৰৰ আধাৰত ইংৰাজী ভাষাত নিৰ্মিত ছৱিখনত অভিনয় কৰিছে প্ৰযোজক গজেন পাংগিঙৰ জীয়ৰি প্ৰিয়া পাংগিং, জোনাই লাইমেকুৰী গাঁৱৰ ৰাজীৱ বৰি, ডিব্ৰুগড়ৰ পানীগাঁৱৰ মিন্টু পাংগিং আদিয়ে৷
উল্লেখ্য যে, সহজ-সৰল ভাষাত নিৰ্মিত জনগোষ্ঠীয় ভাষাৰ চৰিত্ৰৰ ছুটি ছৱিখনৰ এই কৃতিত্বক লৈ বিভিন্ন দল-সংগঠনৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাইছে৷