🔹 উকীল সংস্থাত কৰ্মৰত অস্থায়ী কৰ্মচাৰী আহত
বিশেষ বাৰ্তা, ২১ জানুৱাৰী : আজি দিনৰ প্ৰায় ১:৪৫ বজাত চৰাইদেউ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতৰ চৌহদত হোৱা এটা প্ৰচণ্ড শব্দই সমগ্ৰ অঞ্চলটোৰ ৰাইজক হতভম্ব আৰু ত্ৰাসিত কৰি তোলে । আদালতৰ কিছুমান অপ্ৰয়োজনীয় কাগজ-পত্ৰ আৰু অন্যান্য বস্তু আদালতত নিয়োজিত পুলিচ বিষয়াই জ্বলাই থকা অৱস্থাত প্ৰচণ্ড শব্দই গোটেই অঞ্চলটো কঁপাই তোলে। ৰহস্যজনকভাৱে কি শব্দই গোটেই অঞ্চলটো কঁপাই তুলিলে, এতিয়ালৈকে অনুমান কৰিব পৰা হোৱা নাই । উক্ত শব্দ হোৱা স্থানত বহুখিনি ঠাইৰ ঘাঁহ-বন জ্বলি ছাই হৈ যায় । উপস্থিত ৰাইজে জুই জ্বলোৱা ঠাইত কোনো বিস্ফোৰক সামগ্ৰী থকা বুলি সন্দেহ কৰিছে । ঘটনাটোত নিচান দাস নামৰ উকীল সংস্থাত কৰ্মৰত এজন অস্থায়ী কৰ্মচাৰী আহত হয়। আহত ব্যক্তিজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ প্ৰায় আধা ঘণ্টাৰ পিছত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে। ইয়াৰ পিছতে সোণাৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰণৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে।
প্ৰেৰক দীপাংকৰ পাল